পৃষ্ঠা:তাৰা.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৯২
৯২
তাৰা

২ তাৰা তাৰ---নহয়। মাৰ গৈছে। কোৱ, তোক কি লাগে? তোমাৰ মনোবাঞ্ছা মই পূৰণ কৰি; যদি কোনোবা বন্দীৰ মৃক্তি প্ৰাৰ্থনা কৰা তাক ততালিকে মুক্তি দিম। তাৰা--মহাৰাজৰ অনুগ্ৰহে মোক কৃতাৰ্থ কৰিলে। ৰাম--যুৱক, মোৰ জীৱন ভিক্ষা কৰিবলৈ মই তোমাক নকওঁ তথাপি মই নিশ্চয় জানো যে তুমি মোৰ মুক্তি প্ৰাৰ্থনা কৰিব!! মোৰ হাতত আন কাম আছে [ স্বগত ] মৃত্যুতকৈও কষ্টদায়ক এটি বস্তু দেখিছা [ প্ৰকাশ্যে ] আপোনাৰ জীৱন নিজ বাহুবলেৰে ৰক্ষা কৰক [ তাই দিলীৰ খাৰ ফালে একে থিৰে চাই থাকে।] বাম-[ স্বগত! ই যোক অৱজ্ঞা কৰিছে। মই ইয়াৰ বাবে ইমান কবিলোঁ তথাপি ই মোৰ যুক্তি প্ৰাৰ্থনা নকৰে। লৰাছোৱালীৰ ওপৰত আশা কৰাই বৃথা। ইয়াৰ কি হল? দিলীৰ খাৰকালে এনেকৈ চাইছে কিয়? ৰজা---যুৱক, তোমাৰ কি ইচ্ছা? বিমানেই তোমাক চাও সিমানেই মোৰ মৰম বাঢ়ে। ভালকৈ ভাবি চিন্তি কোৱা তোমাৰ কি 1 আৱশ্য ক। তাৰ-[ দিলীৰ খাৰ ফালে চাই থাকে। ] বজা--তুমি সেই বন্দীজনৰ কালে একেথৰে চাই আছ। কিয়? সি তোমাৰ কোনোবা বন্ধু-বান্ধৱ নেকি? যদি হয় কোৱা, মই তাক মুক্তি দিম। তাৰা--সি হৈছে মোগল আৰু মই ৰাজপুত। সি মোৰ কোনো নহয়। তাতকৈ অহাৰাজেহ মোৰ আপোন মানুহ কাৰ। অপপানাৰ ৰাজ্যত মোৰ জন্ম।