পৃষ্ঠা:তাৰা.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৯০
৯০
তাৰা

৮ তাৰা বৈদ্য--বৰ ভয়ানক মৃত্যু। সেই মৃত্যু সময়ৰ দৃশ্য ভাবিলে এতিয়াও মোৰ গা শিয়ৰি উঠে। আপোনাৰ আদেশ পালে তেওঁ মৰিবৰ সময়ত কি কলে কব পাৰে॥ ৰজা-কোৱা। বৈদ্য প্ৰথমে তেওঁ স্বীকাৰ কৰিলে যে কেতিয়াও তেওঁ অপোনাক ভাল পোৱা নাছিল। ৰজা—এই কথা তেওঁ অকলে জানিছিল। মৰিবৰ সময়ত নে কোৱা হলে মই কেতিয়াও বিশ্বাস কৰিব নোৱাৰিলোহেঁতেন। তাৰ পাছত? বৈদ্যতেওঁ আৰু কলে যে তাৰা আইদেউ তেওঁৰ চকুৰ হুল আছিল। নপলোৱা হলে বিহ খুৱাই তেওঁৰ প্ৰাণ নষ্ট কৰিলেহেঁতেন। ৰজা-আহ! পিশাচিনী, তোৰ ৰূপেই মোক ভুলাইছিলি। তিৰোতাৰ চৰিত্ৰ অতি ৰহস্যপূৰ্ণ, কোনে জানিব পাৰে? আৰু কিবা কবলৈ আছেনে? বৈদ্য--মহাৰাজ! ইয়াতকৈও অপ্ৰিয় সংবাদ শুনিবলৈ প্ৰস্তুত হওক। তেওঁ কলে, তেওঁৰ হাতত এটি বিষাক্ত দ্ৰব্য আছিল, তাক খালে মানুহৰ জীৱন তিল তিল কৰি নষ্ট হয়। সেইটে। আপোনাক খুৱাব খুজিছিল। খুৱাই আপোক শুশ্ৰুষা কৰি, আপোনাৰ মৰম বঢ়াই অৱশেষত ৰঘুপতিক ৰাজপাটত বহুৱাবলৈ সঙ্কল্প কৰিছিল। ৰঘুপতিৰ খবৰ নাপাই তেওঁ উন্মাদৰ দৰে হল। মৰিবৰ সময়ত ইয়াকে তেওঁ দুখ কৰিলে যে তেওঁৰ মনোবাঞ্ছা পূৰ্ণ নহল। ৰজা--ঈশ্বৰে মোক কাল সৰ্পিণীৰ হাতৰপৰা ভাল ৰক্ষা কৰিলে। কিন্তু তা কত? তাৰ! সেই পিশাচিনীৰ দোষতে তোক