পৃষ্ঠা:তাৰা.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৮৯
৮৯
তাৰা

। আনন্দৰ দিনই সেই সাধাৰণ সৈনিক জন অনুপস্থিত যি অসীম সাহসেৰে কাৰ্তিকৰ দৰে যুজি শ্ৰেষ্ঠ যোদ্ধাসকলকো লাজ দিছে তেওঁ ক’ত আছে কোনোৱে কব পাৰিলে উপযুক্ত পুৰস্কাৰ গব। বিক্ৰম--মানুহৰ এ:নকুৱা সাহ আৰু বিক্ৰম মই হলে আজিলৈ কতো দেখা নাই [ চন্দনৰ প্ৰবেশ। 1 ৰজা--সেই সৈনিক জনৰ কিবা সংবাদ পালনে? চন্দন-সকলো ঠাইতে তেওঁক বিচৰা হৈছে কিন্তু কোনো বাতৰি নাই। ৰজা--মোৰ অদৃষ্টৰ দোষ। নহলে এনেকুৱা উপকৰী মানুহক কৃতজ্ঞতা দেখুৱাবলৈ সুবিধা নেহেৰুৱালোঁহেঁতেন। [বিক্ৰম আদিৰ ফালে চাই ] এতিয়া তোমালোকৰ পৰিচয় দিয়াৰ সময় উপস্থিত। যদিও তোমালোকে ভীলৰ দৰে বেশ পিছি। তথাপি মোৰ বিশ্বাস তোমালোক ভীল নোহোৱা, পৰিচয় দিয়া। বিক্ৰম -তামাৰ জন্ম ৰাজগড়ৰ ওচৰৰ ভীল গাৱত। বিশেষ পৰিচয় কি দিস? ইয়াকে কওঁ যে আমি অসভ্য বৰ্বৰ নহওঁ। ৰজা--তোমালোকক মই মোৰ শৰীৰ ৰক্ষী নিযুক্ত কৰিলে॥ তোমা- লোকেই এই সনৰ উপযুক্ত। [ বৈদ্যৰ প্ৰবেশ। কি সংবাদ বৈদ্য? তোমাৰ মুখ এনে ওস্তীৰ কিয়? মুখ দেখিলে অনুমান হয় তুমি বিজয়ী ৰাজপুত নোহোৱা, পৰাজিত যোগলহে। বৈষ্ট--মহাৰাজ, এই আনন্দৰ সময়ত শোক সংবাদ দিয়াৰ বাবে ক্ষমা কৰক। ৰাণী আৰু এই সংসাৰত নাই। বজা--শোক কৰিলে কি হব? হায় অদৃষ্ট! আমি জানো ঔষধ দি মানুহৰ জীৱন বঢ়াব পাৰে? তেওঁৰ মৃত্যু কেনেকৈ হল?