পৃষ্ঠা:তাৰা.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

তৃতীয় দৰ্শন

যুদ্ধক্ষেত্ৰৰ একাংশ

[ পালিত আৰু এজন ৰাজপুত সৈনাধ্যক্ষ প্ৰবেশ। ]

সৈন্যাধঃ- যত যুদ্ধ হৈছিল আপুনি তাৰ পৰা আহিছিল নেকি?

পালিত- হয় ডাঙৰীয়া, পিছে আপুনি যুদ্ধক্ষেত্ৰত নাছিল নেকি? সৈন্যা--আমি মোগল সৈন্যৰ হেচাত সুশৃঙ্খল ভাবে পাছ হুঁহকি এইখিনি পালোহি। পালিত--আপোনাৰ গাত একো দোষ নাই। ৰাজপুতৰ পৰাজয় প্ৰায় নিশ্চিত হৈছিল। শৰীৰৰক্ষী আৰু অনুচৰবোৰ পলাই যোৱাত মোগলে ৰজাক বন্দী কৰিলে। তেতিয়া জয়ী মোগলৰ আগত ৰাজপুত সৈন্যই কুকুৰ মেকুৰীৰ দৰে পলাবলৈ ধৰিলে। তেতিয়া এজন বুঢ়া ভীলে লগত দুজন ডেকাক লৈ পলৰীয়া ৰাজপুত সৈন্য আৰু জয়ী মোগলৰ মাজত থিয় দি চিঞৰি চিঞৰি কলে-ৰাজপুত বীৰসকল! শক্ৰৰ হাতত মাতৃভূমি এৰি দি শিয়ালৰ দৰে পলাই নাযাবা, আমি তোমালোকক সহায় কৰিম। চোৱা এই গিৰিশঙ্কট কেনে সুৰক্ষিত। মোগল সৈন্য কোনোমতে বাজ হৈ যাব নোৱাৰে। ইয়াকে কৈ মোগলৰ ওপৰত সিংহৰ দৰে জপিয়াই পৰিল। এই আকস্মিক আক্ৰ- মণত মোগল সৈন্য বিবুদ্ধি হৈ পলাবলৈ ধৰিলে। সেই সময়ত বুকুত সাহ বান্ধি আন আন লগৰীয়া ৰাজপুতসকলে যুদ্ধ যোগ দিলে। মুহুৰ্ততে মোগলৰ সৈন্য ছেদেলি ভেদেলি হৈ গল।