পৃষ্ঠা:তাৰা.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৮১
৮১
তাৰা

পঞ্চম অঙ্কন :hY i vilicom 13 AUG. 1945 প্ৰধম দৰ্শন মোগল-শিবিৰৰ একাংশ [ পালিত।] পালিত-ৰাঙলী কাপোৰ! তোক মই যতনকৈ ৰাখিম। মোৰ ইচ্ছা অনুসৰি তই তাৰাৰ তেজেৰে ৰঞ্জিত হৈছ। বিবাহিত প্ৰত্যেক মানুহেই যদি মোৰ দৃষ্টান্ত অনুকৰণ কৰে তেন্তে তেওঁ আন সাধাৰণ শতগুণে শ্ৰেষ্ঠ কত তিৰোতাক অতি সামান্য দোষতে হত্যা কৰিব। চন্দন! তই প্ৰভু ভক্ত; কিন্তু সকলো প্ৰভুভক্ত ভৃত্যইতো প্ৰভুৰ সকলো আদেশ পালন নকৰে! তেন্তে তই কিয় মোৰ এই অন্যায় আদেশ পালন কৰিলি? তোকেই বা দোষ দিম কি? সকলো মোৰ দোৰ, পূৰ্বজন্মৰ সঞ্চিত পাপৰ ফুল। যদি দিলীৰ গাৰ কথা শুনিয়েই তাৰাক হত্যা কৰিবলৈ উন্মত্তৰ দৰে আদেশ নিদিলো- হেঁতেন তেন্তে এতিয়া অনুতপ্ত হব নালাগিলহেঁতেন। এতিয়া বুজিছে। দিলীৰ খা কেনে ভৰনাক মানুহ। মোৰ মনৰ দৃঢ় বিশ্বাস হৈছে যে তাৰ। নিৰ্দোষী; সকলো দিলীৰ খাৰ চক্ৰান্ত। হে ঈশ্বৰ! যদি মোৰ পাপ নিমিত্তে মোক উপযুক্ত শাস্তি দিলাহেঁতেন তেনেহলে তাৰাৰ মৃত্যুৰ কাৰণ হবলৈ জীয়াই নাথাকিলেহেঁতেন। বিধাতা, তোমাৰ বিচাৰ অতি ৰহস্যপূৰ্ণ,