পৃষ্ঠা:তাৰা.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৭৭
৭৭
তাৰা

তা তাৰা-মোৰ নাম অমিয়। ৰাম-নাটি যেনে কথাবোৰ তেনে--যেন কাণত অমৃতহে বৰষে। তুমি মোৰ অধীনত কাম কৰিবনে? মোৰ লগতে দিল্লীলৈ যাব পাৰিবা। মই তোমাক বৰ মৰম কৰিম। তাৰ -তেনেহলে আপোনাৰ ল গুৱা হোৱাই মোৰ একো আপত্তি নাই। ৰাম -আহঁ। আমাৰ লগতে আহা। [ দিলীৰক] তেনেহলে সৈ- বোৰক এতিয়াই জয়পুৰ আক্ৰমণৰ বাবে প্ৰস্তুত কৰাগৈ। দিলীৰ-যি আদেশ। [ সকলোৰে প্ৰস্থান ] তৃতীয় দৰ্শন ৰাজকক্ষ [ ৰজা, মন্ত্ৰী আৰু চন্দন। ৰজা-ভায়েক ৰঘুপতিৰ বাতৰি নাপাই ৰাণী মৃত্যুশয্যাত। বিপদ পৰুৱাৰ লালিৰ দৰে। মোৰ এক মাত্ৰ সন্তান তাৰাতাইৰো খবৰ নাই। শক্ৰৱে ৰাজ্য আক্ৰমণ কৰিছে। ৰাণী মৃত্যুৰ মুখত। এতিয়া নিজৰ প্ৰাণলৈও সঙ্কট। এনে বিপদৰ সময়ত যি মোৰ সো হাত স্বৰূপ হব বুলি আশা কবি 'ছলো, সেই ৰাপতিও নিৰুদ্দেশ। এইবোৰ ভাবি ভাবিয়েই মই উন্মাদ হবৰ উপক্ৰম হৈছে। চন্দন, তই যদিও একো নাজানো বুলি ফাকি দিছ, তথাপি মই জানো--তাৰাৰ নিৰুদ্দেশৰ মূলত তয়ে। তোক গললৈ মাটিত পুতি থৈ কুকুৰ লগাই দি কামোৰাম, কাটি কাটি