পৃষ্ঠা:তাৰা.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৬
তাৰা

 ঈশ্বৰে তোমাৰ আমাৰ মঙ্গল কৰক। আহা এতিয়া যাওঁগৈ।

[ সকলোৰে প্ৰস্থান।]

অমিয় – কিছুপৰৰ পাছত সাৰ পাই) হয় ডাঙৰীয়া, মই ৰাজগড়লৈ যাম। কোনটো বাট? সেই পিনে? আৰুনো কিমান যাম? ইয়াত অকলে অকলে শুই থাকোঁ, লগৰীয়াতে কোনো নাই। মই সপোন দেখিছা নে সাৰে আছোঁ? সপোনত দেখিছিলো যে মই কেইজন মান মানুহৰ লগত আছোঁ! কতা? ইয়াত দেখোন কোনো নাই? মই দেখোন অকলে? ই মোৰ মূৰৰ বিকাৰ! উস, হৰি! কি সপোন দেখিলোঁ? [উঠি] এতিয়া ভয়তে গোটেই গাটো কঁপিব লাগিছে। সেইবোৰ কোন? এই ফালে আহিব লাগিছে।

[ ৰামসিংহ, দিলীৰ খাঁ আৰু সৈন্যসকলৰ প্ৰবেশ। ]

দিলীৰ খাঁ– জয়পুৰৰ ৰজাই কৰ নিদিব বুলি ভাবি আপুনি অহাৰ পাছতে মোগল বাদশাহে মোৰ অধীনত এদল ফৌজ পঠাই দিছে। জয়পুৰৰ সীমা ত আমি আপোনালৈ অপেক্ষা কৰি আছিলোঁ। বাদাশ্যাহৰ আদেশ-- সেনাপতি হৈ আপুনি সেই সৈন্য চালনা কৰিব, আৰু মই আপোনাৰ সহকাৰী হৈ থাকিম।

ৰামসিংহ--তেনেহলে সোণকালে আমি যুদ্ধযাত্ৰ! কৰা উচিত। এই জন কোন? [ অলপ আগুৱাই ] যুৱক! তুমি মোক নিৰ্ভয়াা পৰিচয় দিয়া। অমিয়— ডাঙৰীয়া, মোৰ কপালৰ কথা কি কম? মই দিল্লীলৈ যাওঁ বুলি আহিছিলো, ইয়াতে বাট হেৰুৱাইছো। ৰামসিংহ –তোমাৰ নাম?