পৃষ্ঠা:তাৰা.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৭৪
৭৪
তাৰা

. '৬৪ তৰা বিক্ৰম-কোনে কান্দিব লাগিছে? বিজয়ৰ কণ্ঠস্বৰ নহয়নে? তোম- লোকৰ মাতৃদেৱী ঢুকাবৰ পৰা এনে বিননি শুনা নাই। সি পগলা হল নেকি? জয় – বোধকৰে। অমিয় আৰু এই সংসাৰত নাই। সৌৱ। অমিয়ক কান্ধত লৈ পগলাৰ দৰে কান্দি কান্দি বিজয় এই ফাললৈকে আহিব লাগিছে। [ বিজয়সিংহই কান্ধত অমিয়ৰ মৃতদেহলৈ কালি কান্দি আহে। ] বিজয়--যাক ইমান মৰম কৰিছিলো সেই মৰমৰ পখিটিয়ে আমাক ফাকি দি পাই গল। মোৰ প্ৰাণ দিও বদি তাক ঘূৰাই আনিব পাৰিলোহেঁতেন। জয়--পিতা, চাওকচোন বিজয়ৰ বুকুৰ ওপৰত পদুমফুলৰ দৰে অমিয়ই কেনে শোভা পাইছে। বিক্ৰম--শোক মানুহৰ ওচৰলৈ কেতিয়া কেনেকৈ আহে তাক কোনে জানে? বিজয়, তালৈ গৈ অমিয়ক কেনে দেখিছিলা? বিজয়--ঠিক এনে ভাবে লৰচৰ নকৰা কৰি। টোপনি অহা যেন পাই জগাবৰ ভয়ত হাতৰ সাৰে ভৰিৰ সাৰে গৈ দেখিলো মজিয়াতে গৰুটোৰ ওপৰত মূৰ থৈ হাত দুখনি শেলি যেন ওই আছে। মাতিলো, মাত নাপালো। লাৰি চাৰি চাই বুজিব পাৰিলো দেহৰ পৰা প্ৰা পখী উৰি গৈছে। তেতিয়া কান্দিব ধৰিলো। বিক্ৰম-বিজয়! তিৰোতা মানুহৰ নিচিনাকৈ কান্দিলে কি হব? সকলো বিধিৰ বিধান। যদি কান্দি পালোহেতেন ময়য় মাটিত বাগৰি বাগৰি কান্দিলোহেতেন। . আহ এতিয়া পুতি থওঁগৈ। বিজয়-কত পুতিম?