পৃষ্ঠা:তাৰা.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৭৩
৭৩
তাৰা

তাৰ বিক্ৰম—এটি প্ৰাণীকে লগ নাপালো। কিন্তু তাৰ লগত নিশ্চয় অনুচৰ আহিছে। বিজয় যি হয় হওক, কিন্তু দাদাই হলে ক’মটো বৰ ভাল কৰিছে। বিক্ৰম—আজি আৰু মৃগয়া কৰিবলৈ মন নাই। এতিয়া অনিয়ৰ ওচৰলৈ যাওঁ আই॥ জয়- তৰোৱাল ঘূৰাই ঘূৰাই সি মোক ধমক দিছিল। মই তাৰ তৰোৱালখন কাঢ়ি লৈ একে ঘাপে তাক কাটি পেলালে॥ এতিয়। ইয়াৰ মূৰটো নি নিজৰাত পেলাই দিওঁগৈ। তাৰ পৰা লাহে লাহে সাগৰলৈ গৈ সাগৰৰ মাছবোৰক জনাওক যে ই ৰজাৰ খুলশালীয়েক। [ প্ৰস্থান।] বিক্ৰম—যি হবলগীয়া আছিল হৈ গল। আজি আৰু আমি পহু নামাৰে। গৰলৈ গৈ তুমি অমিয়াক শুশ্ৰুষা কৰা। মই হয়ত জয়ৰ নিমিত্তে অলপ অপেক্ষা কৰে। বিজয়-অমিয়! এনে শত সহস্ৰ ৰঘুপতিক বধ কবিও যদি তোমাৰ মুখত হাঁহি এটি দেখা পাৰ্লোহেঁতেন। [ প্ৰস্থান। বিক্ৰম-প্ৰকৃতি! তোমাৰ কেনে আচৰিত মহিমা। এই ৰাজপুত্ৰ দুজনত কেনে আচৰিত ভাবে তাৰ প্ৰভাৱ বিহাৰ কৰিছে। প্ৰভাৱতে ইত : লয়া বতাহৰ দৰে শান্ত, ধীৰ, কিন্তু বেতিয়া খং উঠে তেতিয়া বজ্ৰতকৈও কঠোৰ। বি ধুমুহাই শত সহস্ৰ শাল গছকে। বগৰাই পেলায় সেই ধুমুহাতকৈও ভীষণ। স্বভাৱতে ৰজাৰ দৰে উচ্চমনা, মহান আৰু মাৰ্জিত।। অলপ ভাবি ] কিন্তু ৰঘুপতিৰ তাগমন বৰ শুভ লক্ষণ নহয়। [ জয়সিংহৰ প্ৰবেশ। ] জন—বিজয় কলৈ গল? ৰঘুপতিৰ মূৰটোকে তাৰ বায়েকৰ ওচৰলৈ বাতৰি দিবলৈ পঠালো।