পৃষ্ঠা:তাৰা.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৬৭
৬৭
তাৰা

চতুৰ্থ অঙ্ক প্ৰথম দৰ্শন ভীল গাৱৰ ওচৰ [ ৰঘুপতিৰ প্ৰবেশ।] কন্তু যদি চন্দনে মিছা কথা কোৱা নাই, তেনেহলে ইয়াতেই পালিত লগত তাৰ ১াক্ষাৎ হব। বাঃ! ইয়াৰ কাপোৰখিনি মোৰ গাত কেনে শুৱাইছে। যি ঈশ্বৰে তাৰ গাৰ কাপোৰ কৰা দৰ্জাজনক স্ৰজন কৰিছে, সেই ঈশ্বৰেইতো তাৰ প্ৰণয়িণী জনীকে। সুজন কৰিছে। তেনেহলে তাই কিয় মোৰ কোলাত নুশুৱাব? মইনো কি গুণত তাতকৈ হীন? ৰূপে গুণে সি কোন প্ৰকাৰে মোতকৈ শ্ৰেষ্ঠ? তাৰ দৰে ময়ে সকলো কামতে পটু, বৃদ্ধত বিচক্ষণ। তেনেহলে তাৰাইনো তাক কিয় ভাল পাব? আৰু মোকেইনে কিয় বিণ,ব? পালিত এতিয়া যি মূৰে তোৰ কান্ধৰ ওপৰত শোভা পাছে, সি এক মুহূৰ্ত্তৰ ভিতৰতে স্থানচ্যুত হব। তোৰ কাপোৰ পিন্ধি তোৰ আগতে তোৰ প্ৰণয়িণীক হৰণ কৰিম, এই কপোৰ- বোৰ কাটি ছিঙি পেলাম। তাৰ পাছত গতিয়াই গতিয়াই তাইক বাপেকৰ ওচৰলৈ লৈ যাম, সেই বাবে তেওঁ অলপ খং কৰিলেও কৰিব পাৰে, কিন্তু তথাপি তেওঁ বাইদেউৰ হাতৰ মুঠিতহে। এইবোৰেই লাহে লাহে মোৰ প্ৰশংসা