পৃষ্ঠা:তাৰা.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৬৬
৬৬
তাৰা

তা (6 তাৰ--( অলপ ভাবি ) মোৰ নাম অমিয়া। মোৰ এজন আপোন মানুহ দিল্লীলৈ যাব। তেওঁক ৰাজগড়ত লগ ধৰে। বুলি আহিছো। ছোকত তৰণি নাপ ই এই অপৰাধ কৰিছে। বিক্ৰম-তুমি আমাক অসভ্য বৰ্বৰ বুলি নাভাবিবা। আমাৰ মন এই গহ্বৰৰ দৰে সঙ্কীৰ্ণ নহয়। ঠিক সময়তে লগ পালা। এতিয়া ৰাতি হয়হে, আজি ৰাতি তুমি ইয়াতেই থাকা। জয়-অমিয়, যদি তুমি ছোৱালী হলাহেঁতেন, মই তোমাক বিয়া কৰালোহেঁতেন। বিজয় -মই তোমাক সৰু ভাইটৰ দৰে মৰম কৰিম। দাদা, তুমি যেনেকৈ মোক মৰম কৰা। তাৰা--[স্বগত) যদিহে এওঁলোক মোৰ নিজা ভাই হলহেঁতেন। বিক্ৰম-এওঁৰ কিবা দুখৰ কথা মনত পৰিছে। জয়--মই মৰিও যদি এওঁক সুখী কৰিব পাৰিলেহেঁতেন। বিক্ৰম-বোপাহঁত, এটি কথা কওঁ শুনা। [ মনে মনে কথা কয়।] তাৰা -আহা এওঁলোকৰ কেনে দয়, মন কেনে ওখ! যদিও অসভ্য ভীলৰ দৰে গহ্বৰত বাস কৰিছে তথাপি ভদ্ৰ ব্যৱহাৰত বহুত ৰাজকোৱৰকো চেৰ পেলাইছে। [ স্বগত ] পালিতে মোক অবিশ্বাস কৰিছে যেতিয়া, মতা মানুহ হোৱা হলে এওঁলোকৰ লগতে থাকিলোঁহেঁতেন। বিৰ-বাৰু সেয়ে হব, আহা এতিয়া অলপ কিবাকিবি আই চিকাৰত পোৱ পহুটো কটা ছিঙা কৰোগৈ। অমিয়, ভিতৰলৈ আহা। হো -বলক। [ সকলোৰে ঘৰত প্ৰবেশ। ঐক্যতান