পৃষ্ঠা:তাৰা.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৬৪
৬৪
তাৰা

৫৪ তা হেঁতেন। চন্দনে যেতিয়া মোক পৰ্বতৰ পৰা ৰাজগড় দেখুৱায় তেতিয়া ওচৰতে যেন পালো। আজি দুদিন হল ৰাজগড় নাপালে॥ বাটত দুজন হোজা মানুহক সুধিলো, হিঁতে দেখুৱাই দিয়। বটে বাটে আহিছে। হয়- কিন্তু গৈ গৈ হলে ওৰ নাপাওঁ। মিছা কলে নেকি? দুখীয়া মানুহে কিয় মিছা কথা কব? আচৰিতেই বা কি? ধনী মানী মানুহেও মিছা কথা কব লাজ নাপায়। সোটো চোন গম্বৰ যেন দেখিছোঁ॥ এইটোৱেই তালৈ যোৱা বাট হব পামু। উস ভোকে, পিয়াহে, ভাগৰে মোক অস্থিৰ কৰি পেলাইছে। চাৰিওফালে এন্ধাৰ দেখো, চকুৰে ভালকৈ মনিব নোৱাৰে। বোধকৰো কেনোবা অসভ্য ভীলৰ গহ্বৰ। কোন আছে এবাৰ মাতিমেই নেকি? মাতিবও সাহ নজন্মে। জানোচা অত্যাচাৰ কৰে। দেখোতেহে মই মতা মানুহ, কিন্তু শঞ্জিত হলে দুৰ্বল। নাৰী- নামাতিলেও নোৱাৰে। পিয়াহে প্ৰাণ যায়। বাৰু মাৰ্তো, কপালত যি আছে সেয়েই হব—“কোন আছ খাবলৈ দি প্ৰাণ ৰক্ষা কৰা।” ইকি। একো সমিধান নাই--সোমায়েই যাওঁচোন। সোৱাৰ আগেয়ে তৰোৱলখনকে খাপৰ পৰা উলিয়াই লওঁ, য‘দহে মোৰ দৰে কোনোবা ভীৰু হয় তেনেহলে তৰোৱাল দেখি পলাব। আই ভৱানী। দাসীক এই বিপদৰ পৰা ৰক্ষা কৰা। (গহ্বৰত সোমায়। ভলবেশী বিক্ৰমজিৎ আৰু জয় বিজয়ৰ প্ৰবেশ।] বিক্ৰম—আজি তুমিয়েই আমাৰ ৰজা, বিজয় আৰু ময়ে ভাত ৰান্ধি পানী আনিম। আহ আগেয়ে অলপ ফল মূল খাই সুস্থ হও। পৰিশ্ৰমী মানুহৰ পক্ষে সকলো সোৱাদ। ভোকে