পৃষ্ঠা:তাৰা.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

চন্দন—(স্বগত) চিঠি পঢ়িয়েই মৰাৰ নিচিনা হল। সন্দেহ, তই ৰাক্ষস। তই যাৰ ওপৰত এবাৰ আধিপত্য কৰিছ তাক বুদ্ধিহীন নকৰি নেৰ। ( প্ৰকাশ্যে) আইদেউ, শোক নকৰিব।

তৰা—মই ভ্ৰষ্টা! ঈশ্বৰ! তুমি সাক্ষী। যদি সদায় কায়মনে বাক্যে স্বামীৰ চৰণ চিন্তা কৰাই ভ্ৰষ্টা নাৰীৰ লক্ষণ, যদি পতিৰ মঙ্গলৰ বাবে সদায় প্ৰাৰ্থনা কৰাই আৰু তেওঁৰ অমঙ্গলৰ সপোন দেখি টোপনি নহাই ভ্ৰষ্টাৰ কাম, তেনেহলে মই নিশ্চয় ভ্ৰষ্টা—ব্যাভিচাৰিণী। পুৰুষৰ দেহ! ই কি ভয়ানক, এওঁলোকে কিমান সতী তিৰোতাৰ কাল হৈছে—কিমানক সমাজত ঘৃণিত কৰিছে। দিলীৰ খাঁ! তয়েই এই অনৰ্থৰ মূল। ঈশ্বৰ! তুমিয়েই হতভাগিনীৰ একমাত্ৰ আশ্ৰয়ৰ স্থল। মোৰ চৰিত্ৰৰ ওপৰত সন্দেহ! (দুটাই) চন্দন! তই তোৰ প্ৰভুৰ আদেশ পালন কৰ। এই তৰোৱাল লৈ ইয়াৰে মোৰ বুকু ফালি চা, ইয়াত পালিতৰ বাহিৰে আন মানুহৰ কিবা প্ৰতিকৃতি দেখনে। পালিতক কবি, মই অবিশ্বাসিনী হয় নে নহয়। ধৰ, কঁপিছ কিয়? তই সদায় প্ৰভুভক্ত, আজি কিয় তেওঁৰ আদেশ অৱজ্ঞা কাৰবি? ( তৰোৱাল হাতত তুলি দিয়ে।)

চন্দন— ( দলিয়াই পেলাই) তই মোৰ হাত কলঙ্কিত কৰিব নোৱাৰিবি।

তাৰা— মোৰ মৃত্যুই শ্ৰেষ্ঠ। নিজেই এই ঘৃণিত জীবন শেষ কৰিলোঁহেতেন, কিন্তু আত্মহত্যা মহাপাপ। চন্দন! তোৰ আদেশ পালন কৰ। তোক মই দোষ নিদিওঁ। কিন্তু প্ৰভু! যি ধূৰ্ত্তই মোৰ এই সৰ্ব্বনাশ কৰিছে, সি যেন ইয়াৰ প্ৰতিফল পায়। আৰু পালিত! নাথ! তুমিও এদিন ইয়াৰ বাবে অনুতপ্ত হবা। যেতিয়া জানিবা যে তাৰাই তোমাৰ নিমিত্তে,