পৃষ্ঠা:তাৰা.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
তাাৰা

গধূলি সময়ত নিস্তেজ হৈ পশ্চিম আকাশত মাৰ যাব। মানুহৰ অৱস্থাও তেনে। ধন, মান, ৰূপ সম্পদ জীৱন যৌৱন একো চিৰস্থায়ী নহয়। সকলো অৱস্থাৰেই গধূলি আছে। আহাঁ, এই সূৰ্য্যক প্ৰণাম কৰি দৈনিক কামত প্ৰবৃত্ত হওঁগৈ।

সকলোৱে – ( প্ৰণাম ক ৰ) ওঁ জৱাকুসুম সঙ্কাশং কাশ্যপেয়ং মহাদ্যুতিং ধ্বান্তাৰিং সৰ্ব্বপাপঘ্নং প্ৰণতোহস্মি দিৱাকৰং।

বিক্ৰম— যোৱা, তোমালোকে ডেকা লৰা সৌ পৰ্ব্বতৰ ফাললৈ যোৱা। মই তোমালোকক আগেয়ে কৈছিলোঁ যে ৰাজধানী ছলচক্ৰান্তেৰে পূৰ্ণ। সুসভ্য ৰাজকৰ্ম্মচাৰীবিলাকতকৈ সৰলতা আদি গুণত এই নিৰ্জ্জন গুহাবাসী অসভ্য বৰ্ব্বৰ ভীলবোৰ সহস্ৰ গুণে শ্ৰেষ্ঠ৷ বিলাসিতাৰে পৰিপূৰ্ণ ৰাজধানীত বাস কৰাতকৈ নিৰ্জ্জন গুহাৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰাই যে বহু গুণে শ্ৰেষ্ঠ, তাক বেচকৈ আলোচনা কৰিবা। লগে লগে যুদ্ধৰ কৌশল, কেনেকৈ আক্ৰমন কৰিলে কেনেকৈ আত্মৰক্ষা কৰিব লাগে এইবোৰ সদায় চৰ্চ্চা কৰিবা। যদি বাটত যাওঁতে কিবা চিকাৰ পোৱা তেন্তে শিঙা বজাবা। মই তোমালোকক সহায় কৰিম।

জয়— কিন্তু পিতা, আপুনি যিবোৰ কথা কলে সেইবোৰ কেনেকৈ প্ৰত্যক্ষ কৰিম? আপুনি বহুত দিন ৰাজধানীত বাস কৰিছে। তাৰ ছল চক্ৰান্তৰ লগত নিৰ্জ্জন বনবাস ৰিজাই ইয়াৰ শ্ৰেষ্টত্ত্ব, অনুভৱ কৰিছে। বাহু যুদ্ধ কৰি বহুত মানুহক দেখি, বহুত অভিজ্ঞতা লাভ কৰিছে। কিন্তু পাখি নগজা চৰাই পোৱালীৰ দৰে আমি এতিয়ালৈকে একা দেখা নাই। আমাক সকলোৱে দস্যু বুলি ঘৃণা কৰে।