পৃষ্ঠা:তাৰা.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তৃতীয় দৰ্শন

পৰ্ব্বতৰ গহ্বৰ

[ ভালবেশী বিক্ৰমজিৎ, জয়সিংহ আৰু বিজয়সিংহ এজন এজন কৰি গহ্বৰৰ পৰা ওলাই আহে। ]

—গীত—

জয়—
(আহা) শিৰত ধৰি লওঁ ৰাতুল চৰণ,
(তুমি) সুন্দৰ সত্য শিৱ সনাতন;
 হিয়াত উদয় হোৱা জগত জীৱন
  আনন্দময় প্ৰভু দীপ্ত তপন!
চিত্ত উপচি পৰে, পুলক চকুলো জৰে,
 আনন্দে নধৰে মোৰ দীন ভবন;
ক্ষুদ্ৰ হৃদয় বোঢ় বাজে তযু জয় ভেৰি
 জয় জয় জগদীশ জগমোহন
  আনন্দময় প্ৰভু দীপ্ত তপন।
তযু যশধ্বজা উঠে আকাশ জিনি
 পূণ্য প্ৰভা জ্বলে, জগত জিনি;
প্ৰশস্তি গীতে তযু, ৰিণিকি ৰিণি
 ধ্বনিছে নিৰন্তৰে বিশ্ব ভুৱন।

বিক্ৰম – চোৱা বোপাহঁত, পূৱ ফালে সৌৱা সুৰ্য্যই কেনে সুন্দৰ আকাৰ ধৰিছে, চালেই চকু জুৰায়। কিন্তু সেই সুৰ্য্যই লাহে লাহে এনে উগ্ৰ মূৰ্ত্তি ধৰিব যে মানুহৰ আৰু সেই ফাললৈ চকু ঘূৰাবৰ সাধ্য নহব। চালেই চকু পুৰিব। সেই উগ্ৰমুৰ্ত্তিয়ে