পৃষ্ঠা:তাৰা.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
তাৰা

১৯১৫ চনৰ পৰা এই নাটখনি ১৯১৫ চনত মহাকবি ছেক্সপিয়াৰৰ হিম্বেলিন বোলা নাটখনৰ ছাঁ লৈ ৰচনা কৰা হৈছিল। কামৰূপ নাট্য সমিতিয়ে মহা উৎসাহেৰে কিছুদিন প্ৰত্যেক শনিবাৰ শনিবাৰে তেওঁলোকৰ নাট্য মঞ্চত অভিনয় কৰিছিল। সেই না। বিলাকৰ বেছি ভাগেই বঙালী নাটকৰ অনুবাদ –আকাৰ ইকাৰ সালসলনি কৰি অসমীয়ালৈ ভাঙনী কৰা। তাকে দেখি শ্ৰদ্ধাস্পদ কবীৰ নবীনচন্দ্ৰ বৰদলৈ ডাঙৰীয়াই আমাক মৌলিক অসমীয় নাট বা তন্ততঃ ইংৰাজীৰ লৈ নাট লেখিবলৈ উদগনি দিয়ে। সেই উদগনিৰ ফল, মোৰ এই নাট খনি। তেখেতে অনুগ্ৰহ কৰি থ অঙ্গ ২ দৰ্শনৰ “অমিয় অমিয়” গানটো ৰচনা কৰি দিছিল। এই নাট খনি ১৯১৫ চনতে কামৰূপ নাট্য সমিতিয়ে প্ৰথম অভিনয় কৰে। তাৰ পিছতো বহুবাৰ এই নাট খনি তেওঁলোকে সুন্দৰ ৰূপে অভিনয় কৰে। আন ঠাইটে। এই নাটখনি কেইবাৰমান অভিনীত হয়। এতিয়াও বহুতে লিখকৰ হাতে লিখা নাটখন সময়ে সময়ে বিচাৰে। সেই কাৰণে আৰু মোৰ হিতকা বন্ধু কেইজন মানৰ অনুৰোধত এই নাটখনি প্ৰকাশ কৰা হল। যি সময়ত “তাৰা ৰচিত হৈছিল সেই সময়ত ই ৰাইজৰ যথেষ্ট আদৰ পাইছিল; কিন্তু বৰ্তমান ‘টকী” আৰু আৰ্টৰ যুগত ৰাইজে কি বলয় কেৰু পৰা নাই। এই নাটখনিৰ গানবোৰ মোৰ বন্ধু “যুত উমেশ চন্দু চৌধুৰী ডাঙৰীয়াই ৰচনা কৰি দিয়াৰ বাবে আৰু এইখন ৰচনাত নানা প্ৰকাৰে উগনি দিয়াৰ বাবে মোৰ বালা শিক্ষক আৰু বন্ধু ঐযুত বন্দুনাথ চৌধাৰীৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিলে। আশাকৰে। ৰাইজে এই নাটনি মোৰ প্ৰথম চেষ্টা বলি চেনেহ চকুৰে চাব। ইতি-- গ্ৰন্থকাৰ; •••; 13 Mijj. 195