তাৰ । মোহ কৰ দিওঁ বুলি প্ৰতিজ্ঞা কৰিছিল। সেই অঙ্গীকাৰ মতে আপোনালোকে কৰ দি আহিছে। কিন্তু যোবা বছৰৰ পৰা মহাজে কৰ দিয়া বন্ধ কৰিছে, সেই বাবে প্ৰৱল প্ৰতাপশালী ভাৰেতেশ্বৰে ইয়াৰ কাৰণ জানিবলৈ পঠিয়াইছে। আৰু সুধিছে যে কৰ দি ৰাজ্যৰ ভিতৰত মিত্ৰতা দৃঢ় কৰিব নে আপোনাৰ সকলো ৰাজ্য তেওঁৰ ক্ৰোধাগ্নিত আহুতি দিব? ৰঙ্গী---ৰাজদূত,! যেতিয়া মোগলে আমাৰ ৰাজ্য আক্ৰমন কৰে তেতিয়া গৃহবিবাদে আমাক শক্তিহীন কৰিছিল। ভীলবোৰ বিদ্ৰোহী হোৱাত, সিহঁতক দমন কৰোতে আমাৰ বহুতো অৰ্থ আৰু সৈন্য নষ্ট হৈছিল, সেই নিমিত্তে মোঝ স্বৰ্গীয় পিতৃদেৱতাই পৰাজয় আশঙ্কা কৰি কৰ (শাধাই সন্ধি স্থাপন কৰিছিল। কিন্তু ভীলবোৰ আজি আমাৰ হাতৰ মুঠিত, ৰাজ্য-শৃঙ্খলা পূৰ্ণ অসীম সাহসী সৈন্যৰ সুৰক্ষিত। প্ৰজ, বাৰ ৰাজত, প্ৰজাসকলৰ এই পৰাধীনতা শৃঙ্খল ছিঙিবৰ মন, এই বাবে আৰু আমি মোগলক কৰ নিদিও। এই কথাত অসন্তুষ্ট হৈ যদি মোগলে আমাক আক্ৰমণ কৰে, তেনেহলে এইবাৰ ৰাজপুতৰ বীৰত্ব দেখা পাব। ৰধু--আম মোগলক কিয় কৰ দিম? নিজৰ ঘৰত বহি নিজৰ কষ্টেৰে এৰ্জা ভাত খাম, তাত আকৌ কৰ কিহৰ? যদি কৰ নিদিয়াৰ বাবে আপোনা বাদশাহে জয়পুৰৰ আকাশৰ পৰা চন্দ্ৰ সূৰ্য্য আঁতৰাই নিব পাৰে তেনেহলে তেওঁক আমি পোহৰ দিয়াৰ বাবে কৰ দিব পাৰে, অন্যথা নহয়। ৰজা--ঠিক কথা। এতিয়াও ৰাজপুতৰ বাহুত নিজৰ ৰাজ্য আৰু