এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৪৬
৪৬
তাৰা
তৃতীয় অঙ্ক প্ৰথম দৰ্শন ৰাজসভা মন্ত্ৰী, সভাসদসকল আৰু ৰজা অজয়সিংহ। ] ৰ-সভাসদসকল! তোমালোকে বীৰৰ দৰে যুদ্ধ কৰি জয়পুৰৰ স্বাধীনতা ৰাখিবা নে পুনৰয় কৰ দি দাসত্ব শৃঙ্গল ডিঙিত পিন্ধিবা? মই হলে প্ৰাণ থাকে মানে মোগলৰ কৰায়ত্ব নহওঁ। হয় যুদ্ধ কৰি জয়পুৰৰ স্বাধীনতা ৰাখিম নাইবা ৰণমিত বীৰৰ দৰে ৰণশয্যাত শয়ন কৰিম। মন্ত্ৰী--মহাৰাজ! আপোনা মতেই আমাৰৰ মত। আমাৰ ৰাজ্য এতিয়া মেনে সুৰক্ষিত, সৈন্যবল যেনে বেছি, প্ৰজাবোৰ যেনে ৰাজভক্ত, মোগলৰ বিৰুদ্ধে নে আমি ৰাজ্য ৰক্ষা কৰিব পাৰিম তাত অলপো সন্দেহ নাই। সভাসদৰজাৰ মতেই সকলোৰে মত। [ ৰঘুপতি আৰু ৰামসিংহৰ প্ৰবেশ। ] --আপোনাক দেখি আমি বৰ সন্তোষ পালে॥ দিলীশ্বৰৰ আদেশ কি? ৰামসিংহ - মহাৰাজ! যেতিয়া আপোনাৰ পিতাকৰ দিনত মোগকে জয়পুৰ ৰাজ্য অধিকাৰ কৰে তেতিয়া তেখেতে বছৰি এক লাখ