পৃষ্ঠা:তাৰা.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৪
তাৰা

হলে তোৰ হাত ভৰি ছিঙি শিয়াল কুকুৰক দিলোঁহেঁতেন। উস্! কি কৰিম? কি কৰিলে মোৰ হৃদয় শাঁত হব? কলৈ যাম? জয়পুৰলৈ? অসম্ভৱ! নহয়—অসম্ভৱ নহয়। নহয়,-উস্ বিচাৰিণী, তোক তোৰ পিৰৰ আগতে খণ্ড খণ্ড কৰিম। প্ৰতাৰণা! উস্ কি ঘোৰ প্ৰতাৰণা-- [ বেগেৰে প্ৰস্থান।]

গুৰু- হায় হায় মোৰ বন্ধু পগলা হল। দিলীৰ, তুমিয়েই সকলো অনৰ্থৰ মূল। আহাঁ, বন্ধু কলৈ গল চাওঁ।

[ উভয়ৰে প্ৰস্থান।]

পঞ্চম দৰ্শন

নদীৰ পাৰ

[পালিত।]

পালিত-পুৰুষৰ ৰমনী অৰ্দ্ধাঙ্গিনী, নহলেনে সংসাৰৰ সৃষ্টি-প্ৰৱাহৰ আন কোনো উপায় নাইনে? আমি সকলো জাৰজ! কোন মোৰ পিতা? যাক দেৱী স্বৰূপা বুলি ভাবোঁ সেই গৰ্ভধাৰিণী জননীৰ পতিয়েইনে? অথবা মই তেওঁলোকৰ গুপ্ত প্ৰণয়ৰ চিহ্ন মাত্ৰ। তিৰোতাৰ সতীত্ব, তিৰোতাৰ বিশ্বাস, সি মাত্ৰ বায়ুৰোগগ্ৰস্ত কবিৰ কল্পনা। ৰমনী, কিয় তোক বিধাতাই প্ৰকৃতিৰ সুন্দৰ কলঙ্ক কৰি স্ৰজন কৰিছে? নাৰী, কিয় তোক বিধাতাই এনে ভুবনমোহিনী শক্তি দিলে? তাৰা, তাৰা, তই মোৰ সৰ্ব্বনাশ কৰিলি.। তোক সহধৰ্ম্মিনী ৰূপে পাই ভবিষ্যতৰ কত সুখ, কত আনন্দ আশা কৰিছিলো