পৃষ্ঠা:তাৰা.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩
তাৰা

বিশ্বাস নকৰে। সিহঁতৰ সতীত্ব, সিহঁতৰ বিশ্বাস সকলো মিছা, সকলো মৰিচিকাভ্ৰম। উস্ ইমানেই অবিশ্বাসিনী।

গুৰু—শান্ত হোৱা,এওঁ এই হাৰ চুৰ কৰিও আনিব পাৰে।

পালিত - ঠিক, ঠিক। মোৰ তাৰা কেতিয়াও এনে নহয়। পূবৰ সূৰ্য্য পশ্চিমে উদয় হলেও এনে হব নোৱাৰে। দিয়া, ঠিক প্ৰমাণ দিয়া। এনে প্ৰমাণ দিয়া দিলীৰ, যে মই বিশ্বাস নকৰি নোৱাৰোঁ৷

দিলীৰ-চন্দ্ৰ, সূৰ্য্য সকলো সাক্ষী হবা; গছ লতা সকলোৱে, শুনিবা; মই কেতিয়াও চুৰ কৰি অনা নাই। ( আঙঠিটো পালিতক দিব খোজে)।

পালিত-শুনা গুৰুদয়াল, ঈশ্বৰৰ নাম লৈ শপত খাইছে, নালাগে আঙঠিটো ৰাখা। মই নিশ্চয় জানো ৰাজপুৰীৰ পৰা চুৰ, কৰা অসম্ভব। তেওঁৰ লিগিৰীবোৰ বৰ বিশ্বস্ত। নিশ্চয় তেৱেঁই এওঁক দিছে। এয়ে তাৰ প্ৰমাণ।

গুৰু--- অস্থিৰ হৈছা কিয়? ইয়াৰ দ্বাৰা কেতিয়াও সেইটো প্ৰমাণ হব নোৱাৰে।

দিলীৰ--তেন্তে এনে প্ৰমাণ দিম যাক তুমি বিশ্বাস নকৰি নোৱাৰা৷ তাৰাৰ বুকুৰ ওপৰত এটা তিলৰ দাগ আছে, মনত আছেনে? লাগিলে শপত খাই কব পাৰোঁ।

পালিত--শপত-- নালাগে শপত খাবলৈ, যথেষ্ট হৈছে। যদি তুমি শপত খোৱা তেনেহলে জানি তুমি মিছা কথা কৈছা আৰু ততালিকে তাৰ প্ৰতিশোধ লিম! উস্!!

দিলীৰ— একো অস্বীকাৰ নকৰোঁ৷

পালিত—তাৰা! তাৰা! তই মোৰ সৰ্ব্বনাশ কৰিলি। ইয়াতে পোৱা