পৃষ্ঠা:তাৰা.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৩১
৩১
তাৰা

দ্বিতীয় অঙ্ক A. প্ৰথম দৰ্শন আলিবাট [ ৰঘুপতি আৰু দুজন বিষয়। ৰঘু --- মই তাচেই খেলে। বা পাশাই খেলে, জুয়া খেলা জিকোৱেই বা হাৰেৱেই, তাত এই কুকুৰবোৰৰ কি হল? সিহঁতৰতো বাপেকৰ ঘৰৰ সম্পত্তি নষ্ট কৰিবলৈ মই যোৱা নাই? ১ ম বিঃ--হয় ডাঙৰীয়া, তাত আপোনাৰ ন্যায্য অধিকাৰ আছে। ইহঁতকনো কোনে এই বিষয়ে মুখৰ খজুৱতি মাৰিব দিছে? ২য় বিঃ-(স্বগত) কাৰ ঘৰৰনো সম্পত্তি নষ্ট কৰিবলৈ গৈছে, নিজৰ ভিনিহীয়েকৰ ঘৰৰহে তেও। এওঁৰ তাৰ ওপৰত নায্য অধি- কাৰ আছে। এনেয়ে জানো ভনীয়েক জনীক মহাৰাজলৈ দিছে? ঘু—কি জঞ্জাল। মই বৰ উচ্চ বংশৰ। মোৰ ভণীজনী হল মহাৰাণী। তেওঁৰু ভয় কৰি কোনেও মোৰ লগত যুঞ্জ কৰিবলৈ সাহ নকৰে। হায়! স ঘ্ৰান্ত হোৱা বৰ দুখৰ কথা। মই কাৰো লগত যুঁজ কৰিব নোৱাৰাও হবে॥ তৰোৱাল ঙিলেই পলায়। মোৰ তৰোৱাল এতিয়া খাপতে মামৰে ধৰিব। মই ইমান সম্ৰান্ত নোহোৱা হলে ইহঁতক এটা এটা কৰি বৈতৰিী পাৰ কৰালোহেঁতেন।