পৃষ্ঠা:তাৰা.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
২৫
২৫
তাৰা

তাৰ। ভৱিষ্যতে তাইৰ জীৱনত বহু সুখ হব তাকে। তাইক ভালকৈ বুজাই দিবি। কিন্তু মই কব দিয়া বুলি নকবি। তাই মোক ভাল নাপায়, তই নিজ বুদ্ধিবে কোৱাকৈ কবি। বাৰু • এতিয়া। [ চন্দনৰ প্ৰহান॥। ৰাণী—বৃত্ত শিয়াল, যা তই সোণকালে সুখৰ সপোন চিব কাললৈ তই মৰিলে তাৰাৰ আৰু বিশ্বাসী ভৃত্য এই ৰাজ- পুৰীত নাথাকিব। মই বহু চেষ্টা কবি তোক আঁতৰ কৰিব পৰা নাছিলো বাৰু যমেই তোক হাত কৰিব। তই গলে লাহে লাহে তাই পালিতকে। পাহৰিব। [ প্ৰস্থান! ) চাগৈ। পঞ্চম দৰ্শন তাৰাৰ শেৱনি ঘৰ [ তাৰা।] তাব;--কিমান নো কষ্ট সহিষ? বিমাতা নিৰ্দয়, পিতা বিৰূপ। দিও গুপুততে পালিতৰ লগত মোৰ বিয়া হৈছে, তথাপি মু ৰঘূ- পতিয়ে তালৈ বিয়া সোমাবৰ বাবে মোক বিৰক্ত কৰিব। লাগিছে। পালিত , পালিত, হৃদয়েশ্বৰ; তুমি নিৰ্বাসিত! তোমাৰ নিৰ্বাসনেই সদায় মোৰ বুকুখন তুহ জুইৰ দৰে পুৰিব লাগিছে। যদি ভাই দুজনৰ দৰে সৰুতে মোকো চুৰ কৰি নিলেহেঁতেন, তেন্তে আক ইমান কষ্ট সহিব নালাগিলহেঁতেন। কিন্তু, সকলো বিধি বিধান। বৰ দুখীয়া হলেও সেইবোব মানুহেই সুখী, তাৰ সদিচ্ছা যথা সময়ত পূৰ্ণ হয়--এওঁনো কৰ মানুহ? [ দিলীৰখ আৰু চন্দনৰ প্ৰবেশ। ]