পৃষ্ঠা:তাৰা.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
২৪
২৪
তাৰা

১৪ আগতকৈও ভালহে হব। শৰীৰৰ সকলো কষ্ট নোহোৱা কৰিব। এনেকুৱা নিৰ্দয় মানুহক বিশ্বাস কৰি তেনে তীব্ৰ বিৰ বিয়া উচিত নহয়। অৱশ্যে কুকুৰ মেকুৰীৰ ওপৰত এই বোৰৰ শক্তি পৰীক্ষা কৰিব, কিন্তু লাহে লাহে যে মানুহৰ ওপৰত হাত নিদিব তাৰেই বা নিশ্চয়তা কি? ৰাণ-বৈদ্য, এতিয়া যোৱা। আৱশ্যক হলে মতাই আনিম। বৈষ্ট যি আদেশ মহাৰাণী। [ বৈদ্যৰ প্ৰস্থান। ] ৰাণী--তাই এতিয়াও পালিতৰ কথাকে ভাবি আছেনে? চন্দন-হয় মহাৰাণী। ৰাণী—তই যদি তাৰাই ৰঘুপতিক বিয়া কৰোৱা কৰি ৰিব পাৰ, তেনেহলে মই তোক ৰাজ্যৰ ভিতৰত এজন গন্যমান্য মানুহ কৰি দিম। তই জান ৰজা মোৰ হাতৰ মুঠিত, দুদিন পাছত ৰঘুপতি ৰজা হব, মই যি ইচ্ছা তাকে কৰিব পাৰে। তই যদি এইটো কাম কৰিব পাৰ তেনেহলে তোক পালিততকৈও গন্যমান্য কৰিম। পালিতে তোৰ কি উপকাৰ কৰিব? দি নিজেই নিৰ্বাসিত, বাটৰ ভিকং। উভটি অহাৰ কোনো আশা নাই। আহিলেও প্ৰাণদণ্ড। [ ৰাণীয়ে দৰবৰ পেৰাটে। মাটিত পেলাই দিয়ে আক চন্দনে তুলি লয়। ] ল, কিন্তু কেনে বহুমূলীয় বস্তু তাৰ ভিতৰত আছে তই নাজান। এই দৰৱ মই নিজেই তৈয়াৰ কৰিছো, গুণত ই অমৃতৰ দৰে। ইয়াৰ বলতে ৰজাই পাঁচ বেলি মৃত্যুৰ মুখৰ পৰা সাৰিছে। [ চীনে ধৰাই দিব খোজে } , ইয়াতকৈও ভৱিষ্যতে ভাল বস্তু পাবি। তই তাৰাক ভালকৈ বুজাই দিবি যে এতিয়া তাইৰ পক্ষে ৰঘুপতিক বিয়া কৰোৱাই মঙ্গল।