পৃষ্ঠা:তাৰা.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
২১
২১
তাৰা

তাৰ। বুলি ভাবে তেনেহলে বাজি ৰাখক। মই গুৰুদয়ালৰ হাতত দহ হাজাৰ টকা থওঁ, আপুনিও সিমানেই হওক। মই তালৈ গৈ যদি সতীত্ব হৰণ কৰিব নোৱাৰে, তেন্তে সেই টকা আপোনাৰ। যদি মই কৃতকাৰ্য হব পাৰে৷ তেন্তে সেই উক। তাটাইখিনি মোৰ। কেৱল মোৰ হাতত তেওঁলৈ এখন চিঠি দি মোক, তেওঁৰ লগত দেখা কৰিবলৈ সুবিধা কৰি দিব। সন্মত আছেনে? পালিত---বাৰু, সন্মত হলো, বিস্ত মোৰ হাতত যে এতিয়া ইমান, টক। নাই। দিলীৰ—আপোনাৰ হাতৰ আঙটিটো বহু মূলীয়া যেন লাগিছে। সেই টোকে বন্ধক থওক। গুৰু-- বন্ধুসকল! ক্ষান্ত হওক। এনেকুৱা কথাত বাজি ৰখা উচিত নহয়। পাতি--এইটো আঙঠি বন্ধক থম? তাসম্ভৱ। প্ৰাণ গলে ও হয়। দিলীৰকিয়? ইয়াৰ মূল্য কিমান? পালিত--মূল্য? মোৰ মনত ইয়াতকৈ বহুমূলীয় বস্তু সংসাৰত নাই, ই মোৰ পত্নীৰ প্ৰেম-স্মৃতি। দিল-- এইখিনিতে বুজিলো আপোনাৰ পত্নীৰ সতীত্বৰ ওপৰত আপোনাৰ কিমান অটল বিশ্বাস। নহলে নিশ্চয় এইটে। বন্ধক থলেহেঁতেন! সঁচাকৈয়ে আপুনি বৰ বিবেচক। পোনাৰ বিবেচনা শক্তি। আপুনি জানে আপোনাৰ আনু- পহিতিত কোনোবা বুদ্ধিমান ৰাজ কৰ্মচাৰীয়ে আপোনাৰ সতীৰ গুপ্ত-প্ৰণয়ৰ সুখ উপভোগ কৰিছে। লিত--কি দিলীৰখা ইমান দূৰ!! আহা বাৰু, এই আউঠিকে বন্ধক থম। কিন্তু সাৱধান দিল:ৰ, জুইৰ লগত খেলা নকৰিবা। ২