পৃষ্ঠা:তাৰা.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
২০
২০
তাৰা

তাৰ যোৰ দেশত মোৰ একমাত্ৰ আনন্দদায়িনীক এৰি আহিছো। অভাৱত তেওঁ মনত কিমান দুখ পাইছে সেই কথা মনত পৰিলে মোৰ এনেকুৱা অৱস্থা হয় যে মই শত চেষ্টা কৰিও মোৰ। প্ৰফুল্লিত কৰিব নোৱাৰো। গুৰুদল-বন্ধুৱে এনেয়ে বেজাৰ কৰি থাকে। সেইবোৰ কথা উ য়াই তেওঁক আৰু বেজাৰ নিদিবা। পালিত, সেইবোৰ কথা পাহৰিবলৈ অলপ চেষ্টা কৰা। পালিত-ডাঙৰীয়া, কি কয়! এই জন্মত সেই কথা পাহৰা অসম্ভৱ। দিলীগ-ডাঙৰীয়া, আপুনি উদাৰ প্ৰেমিক। আপুনি তিৰোতাৰ চৰিত্ৰ এতিয়াও বুজিব পৰা নাই। সিহঁতৰ মুখত এক কথ: পেটত, আন কথা। আজি আপোনাৰ আগত কব না, আপুনিয়েই অধীনীৰ জীৱন সৰ্বস্ব। আপোনাক দেখা নাপালে মোৰ পক্ষে গোটেই জগত আন্ধাৰ”। আপুনি পিছ দিলে এজন নতুন মন মিল মানুহ পালে পুনৰায় সেই কথাকে কব মই বহুতো প্ৰেমলীলা খেলি, এই অভিজ্ঞতা লাভ কৰিছে॥ আপুনি এতিয়া যাৰ কথা ভাবি ভাবি মনৰ আনন্দ হেৰুৱাইছে, তেওঁ হয়। এতিয়া আন এজন বুদ্ধিমান ৰাজপুৰুষৰ আগত সেইবোৰ কথাকেই কব লাগিছে। পালিত-ডাঙৰীয়া, আপুনি মোৰ তাৰাৰ কথা নাজানে। সতী সাবিত্ৰী। তেওঁৰ পক্ষে এনে আচৰণ মই ভাবিবই নোৱাৰো। নাৰী চৰিত্ৰৰ ওপৰত এনে দোষাৰোপ বাস্তৱিকে অমাৰ্জনীয়। দিলীৰ--( খং কৰি) মাৰ্জনীয় নে অমাৰ্জনীয় দেখা যক। আপোনাৰ সতী সাবিত্ৰী কেনে, পৰীক্ষা হক। যদি তেওঁক সত বা