পৃষ্ঠা:তাৰা.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
১৭
১৭
তাৰা

তা। ৰাণী--বস্তৱিকে চন্দন বৰ বিশ্বাসী, পালিতক বৰ ভাল পায়। তাৰা, আহা যাওঁ গৈ। ৰজাই দেখিলে খং কৰিব। [ তাৰ। আৰু ৰাণীৰ প্ৰস্থান ] চন্দন -২য় মহাৰাণী! ( অকলে অকলে আনফালে চাই ) বৰ বিশ্বাসী সেই বাবেই মই তোমাৰ চকুৰ হুল। বাক, চাওঁচোন, কৰ পানী কলৈ যাৰ। [ প্ৰস্থান ] দ্বিতীয় দৰ্শন আলিবাট [ দুজন বিষয়া আৰু ৰঘুপতিৰ প্ৰৱেশ ] ১ম বিঃ-ডাঙৰীয়া, ইস্ গোটেইটো গা তেজেৰে ৰাঙলী হৈছে! সোণকালে এইবোৰ কাপোৰ সৰ্ণাওক গৈ। ৰণু-এৰা, ঠিক কথi, তাক বৰকৈ খুন কৰিলোঁনেকি? ১ম বি:-- কিনো খুন কৰিব? তাৰ গোটেইটো গ্য এখন বৰ ডাঙৰ খুন। নিৰ্বাসন ওই এতিয়া তাৰ প্ৰাণ পখীটোকে খুন কৰিব; বৰ বেছি নকৰি ভালকে কৰিলে। তাৰ ওপৰত আপোনাৰ পক্ষে তৰোৱাল দাও অপমানৰ কথা। ২য় বিঃ-( স্বগত) খুন নহয়, এবাৰ চুব পৰা হলে! ৰঘুনপলোৱ হলে আৰু বপুৰিয়ে ইমান কষ্ট কৰি বিদেশলৈ যাব নালাগিল হেতেন ১ম বিষয়া—তাৰ যিহে সাহ, আপুনি তৰোৱাল ধৰা দেখিদ্বেই সি পলাই পত্ৰ!