পৃষ্ঠা:তাৰা.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তাৰা

জান, তুমিয়েই সাধনা, তুমিয়েই সকলো। প্ৰাণেশ্বৰী, তোমাৰ কথা ভাবিয়েই সুখ পাওঁ। আন একোতে মন নবহে। ৰাজপুত যুৱকৰ প্ৰিয় কাম মৃগয়া আদি সকলে পৰিত্যাগ কৰি মাথোঁ তোমাৰ এই ভুবন মোহিনী ৰূপহে ধ্যান কৰোঁ। মৃগয়া কৰিবলৈ গৈ যেতিয়া পহুৰ চকু যুৰি দেখা পাওঁ তেতিয়াও তোমাৰ এই প্ৰাণ বিমোহিনী চকুযুৰি বুলি ভ্ৰম হয় হাতৰ তীৰ হাততেই দোঁ খায়। জীৱন থাকে মানে তোমাক পাহৰা অসম্ভৱ। যদি পাহৰোঁ তেন্তে নিশ্চয় জানিবা পালিত পশুতকৈও অধম, মানুহ নামৰ অযোগ্য।

তাৰা— পালিত! দাসীৰ প্ৰতি যেন এই অনুগ্ৰহ চিৰকাল থাকে-

পালিত—মোৰ অনুগ্ৰহ! নহয় তাৰা, তোমাৰহে তানুগ্ৰহ, নহলে ইমানবোৰ ৰূপৱান, গুণৱান ৰাজকোৱঁৰক অৱজ্ঞা কৰি, ৰঘু- পতিক বিয়া নকৰাই, পিতৃ-মাতৃৰ অবাধ্য হৈ এই অনাথ যুৱকক তোমাৰ পিতাৰৰ অন্নেৰে পালিত, গুণহীন এজনক গুপুততে বিয়া কৰোৱা? কিন্তু তাৰা, বেছি সময় থাকিবৰ উপায় নাই! বিদায় দিয়া, পালিতক যেন মাজে সময়ে ভাবা! এই হাৰ ডালি লোৱাঁ। ই মোৰ স্বৰ্গগতা জননীৰ শেষ চিন। এনে প্ৰিয়তম বস্তু প্ৰিয়তমাক নিদি কাক দিম? (গলত হাৰ পিন্ধাই দিয়ে)।

তাৰা-পালিত। তেমাৰ স্বৰ্গীয় মাতৃৰ হাৰে মোক পৱিত্ৰ কৰক। সদায় ইয়াক যতনে ৰাখিম, তোমাৰ অনুপস্থিতিত ইয়েই মোৰ শূন্য হৃদয়ত শান্ত্বনা দিব। মোৰ চিন স্বৰূপ এই আঙঠিটো হাতত ৰাখিবা যেতিয়ালৈকে তৰাক পাহৰি আন তিৰোতাক বিয়া নকৰোৱা তেতিয়ালৈকে এইটো যেন তোমাৰ হাতত থাকে।