১ম সখী— সখি, আনদিনাচোন তুমি এইদৰে মন মাৰি নাথাকা,
আমাৰ লগত কিমান ৰং ধেমালি কৰা, আজিনো বাৰু কিয়
এনেকৈ মন মাৰি আছা?
তাৰা— আজি মোৰ গা বৰ ভাল নহয়।
২য় সখী— গা নে মন?
১ম সখী– গা বেয়া যদি বৈদ্যকে খবৰ দিওঁগৈ?
তাৰ— নালাগে সখী, ইমান বিতত নহবা। লাহে লাহে এনেয়ে ভাল হব।
২য় সখী— তই বৰ আকৰীঅ, ইতো যেনে তেনে অসুখ নহয় যে বৈদ্যই দৰৱ দিলেই ভাল হব।. ই হৈছে বিৰহ বেদনা, ইয়াৰ ঔষধ হৈছে পালিত। তেওঁ আহিলে আপোনা-আপুনি ভাল হব ! ( তাৰাক ) নহয় নে সখি?
তাৰা— কাৰ কথা কোৱা? মোৰ নে তোমাৰ? পালিতক যদি তোমাৰ ইমানে মনে ধৰিছে, তেনেহলে কোৱা, শুভকৰ্ম্ম সোণ- কালে শেষ কৰি দিওঁ?
২য় সখী— পাৰিবা নে, নোৱাৰিবা হবলা? পালিতৰ নিৰ্ব্বাসনৰ পৰাই যে তোমাৰ মন এনেকুৱা হৈছে সেইটো আমাক বুজাব নালাগে। সখি, সৌৱা তোমাৰ মনচোৰ আহিব লাগিছে; কথা বতৰা হোৱা। আমি অলপ আঁতৰি যাওঁ।
[সখীসকলৰ প্ৰস্থান। পালিতৰ প্ৰবেশ! ]
পালিত— তাৰা, অহোঁতে পলম হ’ল। বেজাৰ নকৰিবা।
তাৰা— পালিত, ইমান পলম কিয় হল? মোৰ কথা পাহৰিছিলানেকি?
পালিত— তাৰা, প্ৰাণেশ্বৰী, তোমাক পাহৰিম ! এনে কথাকৈ আৰু বেজাৰ নিদিবা। পালিতৰ এতিয়া তুমিয়েই ধ্যান, তুমিয়েই