পৃষ্ঠা:তাঁতিৰ জুনা.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৭)


মেলি তৰি চাই দুৱাৰ চুকত থলে।
দুৱাৰ চুকত পাই হাহে পারিলে কণি॥
বৰ জনাকে লৈ গল জেং জাবৰ বুলি।
এনুয়া কাজি মোৰ সংসাৰত নাই॥
ছপোয়া কপাহক কৰে ঠাই ঠাই৷
তাৰে কিছুমান আছিলে বাকী॥
তাকে কাটিবলৈ ধৰিছে আজি।
এঘেউ কাটিলে ৰেতেউ তেউ॥
তাৰ মাজত থাকিলে কল থূৰিৰ কেওঁ৷
এঘেউ কাঁটিলে ৰেতেউ আৰু তেউ॥
তাৰ মাজত থাকিল তামোলৰ কেও।
এঘেউ কাটিলে ৰেতেউ আৰু তেউ॥
তাৰে বান্ধিলে ঘৰৰ বুন্দা মেও।
এঘেউ কাটিলে তপত ভাত খাই॥
তাৰে বান্ধিলে চেউৰী গাই৷
এঘেউ কাটিলে কৰকৰা খাই॥
তাৰে বান্ধিলে খিৰতী গাই।
এঘেউ কাটিলে সবাতকৈ সৰু॥
তাৰে বান্ধিলে ভুতুৰা গৰু।
এঘেউ কাটিলে মাজ নিশা ৰাতি॥
তাৰে বান্ধিলে দঁতাল হাতী৷
এঘেউ কাটিলে নাই খৰ ধৰ॥
তাৰে বান্ধিলে শীলত মণি গড়।
এঘেউ কাটিলে সবাতকৈ খৰ॥