পৃষ্ঠা:তাঁতিৰ জুনা.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৬)

ভাত খোৱা বাই মোক নেদেখিবা সৰু।
দেও দি যাব নোৱাৰে ভুতুৰা গৰু॥
জাপ মাৰি কাটিলো আগলী পাত।
তাতে বাঢ়ি দিয়ে এদোণ চাউলৰ ভাত॥
ভাত খাওঁতে হয় দেৰপৰ বেলা।
গা মূৰ সজাওঁতে হব আবেলি বেলা॥
আকাজিয়ে লৰিলে কৰকৰা খাই।
বৰ জনীক খাবলৈ বাটক নেচাই॥
কৰকৰা ভাতৰ ছপৰা খহিল।
তাইৰ জানো লৰাতো মৰিল॥
সোণাপুৰ হাটলৈ নিচিনো বাট।
সুধি পুছি পালেগৈ সোণাপুৰ হাট॥
আকাজিয়ে শুধিলে হেৰা পোহাৰী বাই।
পিজলী কপাহ কতনো পাই॥
পিজলী কপাহৰ নেজানো দৰ।
পোহাৰীয়ে মাৰিলে দুগালে দুটা চৰ॥
কি জানো আকাজিৰ কপালে পাই।
ৰুপ টকাৰ কপাহ চপোৱা পাই॥
আকাজিয়ে দুগালে দুটা চৰ খাই।
ছপোয়া আনিলে পিজলী কপাহ তাই॥
কপাহ আনি ধুঁয়া চাঙ্গত তুলি থলে।
গাল বিষাইছে বুলি ছমাহলৈ শুলে।
ছমাহৰ মূৰত মেলি তৰি চাই।
বাৰে বুৰি শলিয়া কপাহত পাই॥