পৃষ্ঠা:তাঁতিৰ জুনা.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫)

ইআগে বাছিবা নন্দেৰ কনাই।
কনাইয়ে বসিয়া ৰাধাক চাই॥
বৃন্দাবনে বসি চাপৰি বজাই।
ঘুৰি ঘূৰি নাছে নন্দেৰ কনাই॥
যাৰ যেন ঠান তাৰ তেন বৰণ।
তাক নেবাছিলে তোৰ মৰণ॥
আজি দেওবাৰে বুজনি দিওঁ।
ঘুৰি দেওবাৰে কাপোৰ নিওঁ॥
সেহি কাপোৰ নিয়া ৰাধাক পিন্ধাও।
ৰাধায়ে সহিতে বৃন্দাবনে যাওঁ॥
বৃন্দাবনে গৈয়া পাতিবো খেৰি৷
সমস্ত সমাজে ডাকি ও হৰি॥
শঙ্কৰে ৰচিলে কাপোৰ জুনা।
সমস্ত সমাজে কাণ পাতি শুনা॥

কপাহৰ জুনা।

সক জনীয়ে বুলিলে বৰ জনী বাই।
পিজলী কপাহ কতনো পাই॥
কপাহ আছে সোণাপুৰ হাটে।
শহুৰে দেখি আহে পানী অনা ঘাটে॥
পিজলী কপাহৰ বাতৰিক পাই।
আকাজিয়ে যাবলৈ তত্ নেপাই॥
তেনে বাই কৰকৰা ভাতক নেখাওঁ।
পিজলী কপাহ বিচাৰি হাটলৈ যাওঁ॥