সমললৈ যাওক

পৃষ্ঠা:তাঁতিৰ জুনা.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৩)

হৰি মই কেনে ভৈলো সেৱাৰ বঞ্চিৎ।
কি কাৰণে বিধতাই স্ৰজিলে ভূমিত॥
গৰ্ভবাস নৰকত আছিলো দুখত।
তষু নাম কৃষ্ণ কথা নাহিলে মুখত॥
ফুৰো মই বসন্ত কালত কৰি কেলি।
মই পাপী অধমক নেপেলাবা ঠেলি॥
কহয় মাধৱ মোৰ ভৈলো সেৱা চূৰ।
তিন কোটী অপৰাধ ক্ষমা কৰা মোৰ॥

তৰাৰ কথন।

দেখা কেনে আকাশত থুপি থুপি তৰা।
আকাশ চাই খেলা কৰে সৰু সৰু লরা॥
কুকুৰ বাহি তৰা গলে জাক পাতি থাকে।
অৰুঞ্জুৰি নামে তৰা এক জুৰি থাকে॥
ভোটা তৰা নামে এক আছে আকাশত।
সিটো ওলাবৰ পৰা অকাল সংসাৰত॥
পপীয়া তৰা নামে এক নেজলগা হয়।
কোনো কোনো লোকে তাক নেজালতৰা কয়॥
একবাৰ ওলাই সিটো একবাৰ সোমায়।
নেজ চিগি দখৰ দখৰ যায় গম গমায়॥
তামোলী তৰা নামে এক থাকে স্বৰগত।