পৃষ্ঠা:তাঁতিৰ জুনা.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২০)

ধপাতৰ জুনা।

চিলিম শ্ৰীহৰি দবা নাৰি কলি
 আমি তিনি চাৰি ভাই।
একে দাল নলীতে  সবে ধোৱা খালে
 তাৰো জাতি কুল নাই॥
চিলিম শ্ৰীহৰি  দবা নাৰি কলি
 তামৰে বন্ধোৱা গা।
এনো ধোৱা খোৱা  বন্ধাই লৈ আহোঁগৈ
 আতোলা সোণৰে লা॥
চিলিমে কান্দিলে চিঁউ চিঁউ কৰি
 গৰবে মাতিলে ঔ৷
নলনিৰ পৰা নলীছাই মাতিলে
 ধপাত লগালা নে নৌ॥
বুঢ়া কইটালি বহি কিয়ে কৰা
 পচাইছো ধপাতৰ পুলি৷
লৰাও নেজানে বুঢ়াও নেজানে
 সবে খাই ধপাতৰ গুৰি॥
চোতাৰ আগৰে কেচা ধপাত খিলি
 মোহাৰি কৰি যাওঁ গুৰি।
বাটৰ সমনীয়াক মাতো আটাহ পাৰি।
 এচুহি খোৱাহি বুলি॥