পৃষ্ঠা:তাঁতিৰ জুনা.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৯)

ভাতে বান্ধি দিয়া খাওঁ বুঢ়ী আই
 পানী আনি দিয়া খাওঁ।
অনেক বেহুৱাই যায় বেহাবলৈ
 ময়ো বেহাবলৈ যাওঁ॥
কিনো বেহুৱাৰ আলৈয়ে বিলৈয়ে
 কিনো বেহুৱাৰ দুখ।
ৰাতি খাই মাৰে নগা দাম দুমে
 দিনত খাই মাৰে জোক॥
নাহৰ চেনিমুৱা  ওলাই বেহাবলৈ
 ছকুৰি কুকুৰাৰ ভাৰ৷
দিখৌ নৈৰ পানী কৰে তল বল
 ঘাটৈয়ে নকৰে পাৰ॥

 হাই দি তুলিবৰ লাই।
দেশৰ বেহুৱাই যায় বেহাবলৈ
 নাহৰ চেনিমুৱা নাই॥

 কি মাছ মাৰিবৰ হল।
লোণ ভাৰ পেলাই মাটি ভাৰ আনিলে
 ঠাই মচিবলৈ হল॥