পৃষ্ঠা:তাঁতিৰ জুনা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৫)

সমান সখিক পাই ৰাধাই পালে লাজ।
আচল ডাঙ্গি দলিমাৰে বকৰাণীৰ মাজ॥
বকৰানীত পৰি কৃষ্ণায় আজি ভাল কাল।
আজিৰ পৰা ৰক্ষা পালো ৰাধাৰ জঞ্জাল॥
এটী মোচৰ গৈলা প্ৰভু দুটী মোচৰ গৈলা।
নিদাৰুণী ৰাধাক প্ৰভু উভতি নেচাইলা॥
হাতো নগল তল ভৰিও নগল তল।
জানিলো জানিলো প্ৰভু তোমাৰ সম্বল॥
হেন জানি নিৰন্তৰে এৰি আন কাম।
পাতক ছাৰোক ডাকি বোলা ৰাম ৰাম॥


বাৰ মহীয়া গীত।

বহাগত বিলহীয়া বুধে গোধেনু ধুৱাই।
পিতৃ মাতৃ সেৱা কৰি তেবে গুৰু পাই॥
জেঠত জীবিকাৰ অৰ্থে কঠিয়া পাৰই।
ধলা গৰু কাৰ্য্যে নাহে কৃষ্ণক চৰণে ধিৱাই॥
আহাৰত আন্ধাৰ মেঘে কৰে বৃষ্টি।
কৃষি কৰিবাক লাগি কৰিলা দৃষ্টি॥
শাওণত সমে নদী গোপী কৰে খেলা।
বস্ত্ৰক চুৰ কৰি কদম্বে চৰিলা॥
ভাদত ভগৱন্ত উপজলা নাৰায়ণ৷
ইষ্ট গুৰু নেতাৰিলে নাম কি কাৰণ॥