পৃষ্ঠা:তাঁতিৰ জুনা.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৪)

খন্তিয়ে বুলিলে মই ঘৰৰ ঘৈণী।
মই যে নহলে নমৰে বনৰ জনী॥
ভদ্ৰসেনে ৰচিলে নাঙ্গলৰ জুনা।
সমস্ত সমাজে কাণ পাতি শুনা॥


ৰাধাৰ জুনা।

নেজানিলো নুশুনিলো ৰাখিলো গৰু।
বাটত ধৰি বিয়া দিলে আছয় মাহৰ সৰু॥
ধন লোভী বাপ মাৱ ঘৃত লোভী ভাই।
ধন দেখি বিবাহ দিলে লৰা জোৱাই॥
ইয়ে শোধে সিয়ে শোধে লৰা জোৱাই কৰা।
আচল ডাঙ্গি চোৱা যদি আছয় মাহৰ লৰা॥
আচলত পটা গুটি নথৈ কৰিম কি৷
আইয়ে দিছে লৰা জোৱাই নলৈ কৰিম কি॥
আইৰ আগে বাৰ্ত্তা কবা দিয়ক গাৰু তুলি।
তুলি নেপাই নিদ্ৰা নেয়াই খেৰে কাটে বুলি॥
দেউতাৰ আগে বাৰ্ত্তা কবা দিয়ক চামৰ পীৰা।
বহি ভাত খাব লাগে তেওঁৰ জোৱাই লৰা॥
ককাইৰ আগে বাৰ্ত্তা কবা এবাৰ আহিব যাব।
তেওঁৰ বৈনাই সৰু লৰা চিনি জানি লব॥
বৌৰ আগে বাৰ্ত্তা কবা দিয়ক ধেনু গাই।
দধি দুগ্ধ খাব লাগে তেওঁৰ নন্দ জোঁৱাই॥
হাটে যাওঁ বাট যাওঁ স্বামী কোলা লৈ।
কড়ি কড়া লাৰু কিনি স্বামীক খোৱাও গৈ॥