পৃষ্ঠা:তাঁতিৰ জুনা.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৯)

তাৰ মাজে সৰকিলে জাকৰুয়া গরু।
ছমাহৰ মূরত কাটিলে কাপোৰ॥
গাঁৱৰ বুঢ়ী মেঠিয়ে কাটিলে জাবৰ।
সেই খন কাপোৰ লৈ হাট লৈ গল॥
হাটৰ মানুহে দেখি মৰি গল।
নৈৰ পৰা আহিছিলে ডোম॥
কাপোৰ খন দেখি মূৰত দিলে তোম।
পৰ্ব্বতৰ পৰা আহিছিলে নগা॥
কাপোৰ খন চাই পিঠিত মাৰিলে ধকা৷
হাটৰ মানুহে বিকুঠি কৰিলে ভোবা॥
দৰ দাম কৰোতে হল দেৰ পৰ বেলা।
নেবেচো কাপোৰ উভতাই নিম॥
জোঁয়াই আহিলে বিহুত দিম।
নেবেচি কাপোৰ ওভতাই আনিলে॥
জোঁয়ায়েক আহোতে উলিয়াই দিলে।
জোয়াঁয়েকে লৈ ফুল যেন পাই॥
লোকে মাৰে বিকুঠি কাপোৰক চাই।
জোয়াঁয়েকে বুলিলে কাপোৰ খন ভাল॥
চাতি মাৰি লওঁতে পিঠিৰ গল ছাল৷
সেইহে ছালত থলে ছালে সৰ সৰাই॥
বেৰত থলে বেৰে মেৰ মেৰাই।
জোয়াঁয়েকে নিনিলে কাপোৰ লাজত॥
ডোমে লৈ গল ৰৌমাছৰ ভাৰত।
বাৰ হাত জালৰ তেৰ হাত ফটা॥