পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অভিমত।

 অসমীয়া ভাষা-বিজ্ঞানত পৈনত, অসমীয়াৰ মৌলিক গ্ৰন্থ ৰচোঁতা, প্ৰবীন সাহিত্যিক শ্ৰীযুত সত্যনাথ বৰা বি-এল ডাঙ্গৰীয়াৰ “তত্ত্ব আৰু তথ্য” সম্পৰ্কে অভিমত :—
 “শ্ৰীযুত সৰ্বেশ্বৰ কটকী প্ৰণীত “তত্ত্ব আৰু তথ্য” বোলা পুথিখন মই পঢ়ি চাইছোঁ। ইয়াৰ ভিতৰত সৰ্ব্বমুঠ ৯ টি প্ৰৱন্ধ আছে। প্ৰথম চাৰিটা প্ৰৱন্ধৰ বিষয়বিলাক গভীৰ। মই জনাৰ ভিতৰত এইবিলাক কথা আধুনিক অসমীয়া সাহিত্যত পোৱা নাযায়। ইংৰাজী নপঢ়িলে অসমীয়া মানুহে এইবিলাকৰ বিষয়ে একো জানিব নোৱাৰিছিল। কটকীদেৱে এনেবোৰ তথ্য অসমীয়া সাহিত্যৰ ভিতৰলৈ আনি সেই সাহিত্যক বিশেষৰূপে চহকি কৰিছে আৰু ইংৰাজী নজনা মানুহে এনেবোৰ কথা জানিবলৈ উপায় কৰি দিছে। সেইবাবে কটকীদেৱ অসমীয়া ৰাইজৰ শলাগ পাবৰ পাত্ৰ। বাকী প্ৰৱন্ধ বিলাকতো জানিবলগীয়া কথা বহুত আছে। ইহঁতৰ বিষয়বিলাক অৱশ্যে ঐতিহাসিক। কিন্তু আজিলৈকে অসমদেশৰ যিবিলাক বুৰঞ্জী লিখা হৈছে তাত এইবিলাকৰ বিষয়ে বহুত কথা পোৱা নাযায়। কিছুমান কথাৰ নাম মাথোন আমাৰ