পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
পেড়া-কাকত।

কৰি আহি শ্ৰীবুড়াগোহাঞি ডাঙ্গৰীয়াত জনালতহি শ্ৰীবুঢ়াহাগোঞি ডাঙ্গৰীয়াই চুজাই দি যোৱা মহজৰ বোৰো আগলৈকে নিয়াই মজুন্দাৰ বডুয়াক আগত থৈ দেশি বিদেশি পাৰ্চ্চিপঢ়াৰ মুখে সেই মহজৰ বোৰ শুনি, মহজৰো জীন্ন , অক্ষৰো উৰা, ফটাচিটা জোৰা দিয়া দেখি আৰু সকলোবোৰ মাটি মানুহ পীড়ৰ নামে নোলোৱাত হাল- মৌৰলুক নামে ওলোৱাত তাতে সন্দিগ্ধ জন্মি শ্ৰীশ্ৰী৺৺লৈ জনালত শ্ৰীশ্ৰী৺৺ৱে ধৰ্ম্মথানত অলিবন্ধ হোৱা যুক্তি নহয় যেন দেখি সকলোবোৰ মাটি মানুহ পীৰৰ ৰোজা আৰু মোক্কাৰ নামে সিদ্ধান্ত মহজৰ পত্ৰ কৰি দিলে। মাটিৰ নাম—চৌৰাচি খাতা পৰঙ্গণাৰ আৰঙ্গ মৌ তালুকৰ ধুচাই গ্ৰামৰ চাৰি হদৰ ভিতৰে পিয়লত পেড়া-কাকতত মাটি মানুহ যি আছে সেইদৰে পেৰাৰ আচল কাটল সোধাই থাকিব। আত বাজে ৰূপিত ফৰিঙ্গতি হাবি দলনি মাটি যি আছে পূৰ্ব্বনিৰ্ব্বন্ধে দিলে। তাৰে ভিতৰত সন্দিকৈ বৰফুকনে দিয়া মাটি মানুহ যি আছে তাৰে সহিতে পাইক ২৫ টা এই ধুচাই গ্ৰামৰ হদ্দ পশ্চিমে। পূবে ননানদি উত্তৰে সন্ধিকাৰি ৰাওজান, দক্ষিণে কাৰিৰ জান আৰু মদন মোহন পৰগণাৰ ডিমু গাঞত দৰঙ্গি ৰজা চন্দ্ৰনাৰায়ণে দিয়া চাৰিহদৰ ভিতৰে মাটি ৩ বিহি পাইক ৪॥ পোৱা ওঠাৰ পোৱা এই সকলেও পীৰৰ কাৰ্য্যত প্ৰবৰ্ত্তি

থাকিব।