পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
অসমৰ শিলৰ ফলি।


 প্ৰত্যেক গদ্যৰ অন্তত শকাব্দৰ উল্লেখ আছে। সেই শক অঙ্কেৰে নিলিখি এনেকৈ লিখা হয় যেনে---ৰস- ক্ষমা তক্কেন্দুসংখ্য শাকে। গগনগুণগুণেন্দু শাকে ইত্যাদি।

 শিলৰ ফলিবোৰত সাধাৰণতঃ চাবিওকাষে এভাল ধুনীয়া লতা কটা থাকে। আখৰবোৰ কোনোখন গদ্যত দকৈ কটা কোনোখনত আখৰবোৰ ওখকৈ কটা। শেহৰ বিধৰ আখৰবোৰ দেখিবলৈ সুন্দৰ কিন্তু সহজে এৰাই যোৱাৰ সম্ভাৱনা। এই শিলৰ ফলিবোৰে বুৰঞ্জীৰ যেনেকৈ সম্বল দিয়ে তেনেকৈ সাহিত্য-বুৰঞ্জীৰ অসমীয়া বৰ্ণমালাৰ গঢ়-গতিও পৰিপাটিকৈ দেখুৱায়। খৃষ্টীয় নবম শতাব্দীৰ পৰা অসমীয়া আখৰৰ গঢ় পুথিত বাজেও ফলিবোৰৰ পৰা স্পষ্টকৈ দেখুৱাব পাৰি। আজিলৈকে আবিষ্কৃত হোৱা শিলৰ ফলিবোৰৰ ভিতৰত দিয়াৰ প্ৰস্তৰ স্তম্ভৰ শিলালিপি আৰু কামৰূপৰ বকো অঞ্চলত পোৱা শিলৰ কলিৰ আখৰবোৰ পুৰণি অসমীয়া বা সংস্কৃত নহয়। কোনোৱে ভুটীয়া বা ব্ৰহ্মদেশীয় আখৰ বুলি অনুমান কৰে। এই দুই শিলালিপিৰ পাঠ উদ্ধাৰ হলে কিবা নতুন তথ্য প্ৰকাশ নাপাব বুলি কোনে কব পাৰে?