পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পাতনি

 “তত্ত্ব আৰু তথ্য”ত আলোচনা কৰা বিষয়বোৰৰ সৰহভাগ আগেয়ে ‘বাঁহী’ আৰু ‘আলোচনীত’ প্ৰকাশ পাইছিল। মাতৃভাষাত এনেধৰণৰ আলোচনাৰ পুথি নাই বুলি ইয়াক এতিয়া পুথিৰ আকাৰে প্ৰকাশ কৰা গল। ইয়াৰ বিষয়বোৰ অৱশ্যে জটিল। পুথিৰ প্ৰথম চাৰিবিধ বিষয় আলোচনা কৰিবলৈ পাৰদৰ্শী লোকসকলে গ্ৰহণ কৰা কেতবোৰ বিশেষ অৰ্থবোধক শব্দ প্ৰয়োগ কৰা হৈছে। এই পৰিভাষা যাতে অপ্ৰয়াসে বুজিব পাৰি সেই উদ্দেশ্যে ইংৰাজী প্ৰতিশব্দৰ এখন তালিকা দিয়া হৈছে। পুথিৰ বুৰঞ্জীমূলক বিষয়বোৰ আলোচনা কৰোতে বহুতখিনি অনুসন্ধান কৰিবলগীয়া হৈছে। দেশৰ অতীত বুৰঞ্জী সৰ্ব্বাঙ্গসুন্দৰ কৰিবলৈ পুৰণি তথ্যৰ আবিষ্কাৰ হব লাগিব। এই কাৰ্য্যত যিবোৰ বিষয়ৰ আলোচনা আৱশ্যক তাক দেখুৱাবলৈ যত্ন কৰা হৈছে। আমাৰ উদ্যোগী ডেকাসকলে ইয়াৰ যেন বিশদ আলোচনা কৰে।

 শেহত কবলাগিব যে, এই পুথিৰ বিষয়বোৰ আলোচনা কৰিবলৈ ইংৰাজী, বঙলা আৰু অসমীয়া পুথি আৰু প্ৰৱন্ধাদিৰ আশ্ৰয় লোৱা হৈছে। ‘জড়বাদ’