পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অসমৰ পুৰণি বৰতোপ।

 অসমৰ পুৰণি বৰতোপ বুৰঞ্জী লিখকৰ এটি প্ৰধান সম্বল। তামৰ ফলিত, পৰ্ব্বতৰ গাত, মন্দিৰৰ শিলত যেনেকৈ বুৰঞ্জীমূলক ঘটনাবোৰ লিখা আছে তেনেকৈ অসমত বহুত পুৰণি বৰতোপৰ গাতো ঐতিহাসিক বৃত্তা- ন্তৰ উল্লেখ আছে। কিন্তু এই বৰতোপবোৰ আজিলৈকে ভালকৈ সংগ্ৰহ হোৱা নাই। তদুপৰি কেতিয়াবা দুই চাৰিটা বৰতোপ পোৱা গলেও তাৰ পাঠ উদ্ধাৰ সম্পূৰ্ণ ৰূপে হৈ নুঠে। অসমৰ বৰতোপ আমাৰ দেশত বাজেও আন ঠাইতো পোৱা গৈছে। মহামতি ই, এ, গেইট চাহাবে তেখেতৰ ৰিপৰ্টত যি কেইটা বৰতোপৰ কথা উল্লেখ কৰিছে আৰু প্ৰত্মতত্ত্ববিশাৰদ শ্ৰীযুত হেমচন্দ্ৰ গোস্বামীৰ পৰা উপৰুৱাকৈ যি কেইটা বৰতোপৰ কথা জানিব পৰা গৈছে সকলোবোৰকে ইয়াত ঠাই দিয়া হৈছে :-

(১) ১৫৮০ শকৰ বৰতোপ।

 এই বৰতোপটো কলিকতাৰ ‘ডায়েমণ্ড হাৰবাৰৰ' ওচৰৰ “ফলচ্ পইণ্ট”তত পোৱা গৈছে আৰু ইয়াৰ গাত এই দৰে লিখা আছে :-