পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
তত্ত্ব আৰু তথ্য
 

 আমি আমাৰ দৈনিক জীৱনত দেখোঁ যে সন্তান কেতিয়াবা মাকৰ নিচিনা, কেতিয়াবা বাপেকৰ নিচিনা কেতিয়াবা আকৌ মাক বাপেক উভয়ৰে নিচিনা। সাধা- ৰণতঃ এই লক্ষণ সন্তান সন্ততিত দেখা যায়। কিন্তু কেতিয়াবা আকৌ সন্তান মোমায়েক বা আজো ককা- কৰ নিচিনা হয়। ইত্যাদি ৰকমে সন্তানে যে কেৱল বাপেক মাকৰ গঢ় গঠন লয় এনে নহয় আন কি তেওঁলোকৰ জ্ঞান বৃদ্ধিৰো ভাগ লয়। জীৱই এনেকৈ আধাআধি গুণ বাপেক-মাকব পৰা লৈ আৰু আধা- আধি গুণ জীৱৰ যি অৱস্থাত জন্ম হয় সেই অৱস্থাৰ পৰা লৈ জীৱৰ ক্ৰমবিকাশ ঘটে। এই ক্ৰমবিকাশ ঘটাৰ লগত যিবোৰ জীৱৰ অৱনতি হয়, সেইবোৰ জীৱ জীৱন সংগ্ৰামত তিষ্ঠিব নোৱাৰি লোপ পায়।

 আমি কোনো কোনো সময়ত দেখা পাওঁ যে কণা, কুজা বা খোৰাৰ পুতেক কণা, কুজা বা খোবা হয়। আকৌ সকলো সময়তে সদাই তেনে নহয়। কুন্ধচ, কোঙা বাপেক মাকৰ পৰা সুন্দৰ ধুনীয়া সন্তা- নৰো জন্ম হয়। অকৰ্ম্মী কুৎসিত বংশত ধুনীয়া কৰ্ম্মী পুত্ৰ জস্মিলে সেই, বংশৰ হঠাৎ এক পৰিবৰ্ত্তন ঘটে আৰু ক্ৰমবিকাশ সম্পূৰ্ণৰূপে বিকাশ পায়। .