পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
তত্ত্ব আৰু তথ্য।
 

 মানুহৰ শৰীৰত যিবোৰ বোগ জন্মে, ঋতুপৰিবৰ্ত্তন হলে মানুহৰ যেনেকৈ কফ আৰু পানী লগা হয়, বান্দৰৰো তেনে সময়ত ঠিক তেনেবোৰ ৰোগ হয়। মানুহৰ যেনেকৈ কফ জ্বৰ ইত্যাদি নৰিয়া হয় বান্দৰৰো তেনেবোৰ নৰিয়া হয়। দাঁত গজিবৰ সময়ত লৰাৰ যেনে কষ্ট আৰু গা অসুখ হয় বান্দৰ পোৱালিৰো সেই অৱস্থাত তেনেবোৰ অসুখ হয়। আন আন জীৱ জন্তুৰ বেমাৰ মানুহৰ গালৈ আৰু মানুহৰ বেমাৰ আন আন জীৱ জন্তুলৈ অহা যোৱা কৰে। অৰ্লক ৰোগ কুকুৰৰপৰা আৰু বসন্ত ৰোগ গৰুৰপৰা মানুহৰ গালৈ আহে। আফিং, মদ, কুইনাইন ইত্যাদিয়ে মানুহৰ শৰীৰত যেনে গুণাগুণ দেখায় বান্দৰ আৰু অন্যান্য জীৱৰ গাতো সেই গুণাগুণ খাটে। মানুহে যেনেকৈ মদ খাই বলিয়া হয় আৰু আৰু মুখত যি আহে তাকে কয়, বান্দৰেও তেনেকৈ মদ খাই ঠিক তেনে আচৰণকৰে।

 সুখ দুখ অনুভৱ কৰা শক্তি মানুহৰ যেনে বান্দৰ আৰু আন আন জন্তুৰো তেনে। সন্তান-সন্ততিলৈ স্নেহ, লাজ, ভক্তি, অহঙ্কাৰ ইত্যাদি মানুহৰ যেনে, বান্দৰ আৰু আন আন পশু পক্ষীৰো তেনে। বিভিন্ন মাথোন মানুহত সেই বোৰ গুণ বিশেষভাবে প্ৰতিফলিত হয়, অন্যান্য জীৱত সিমান নহয়।