পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
তত্ত্ব আৰু তথ্য।

হলে, মানুহৰ গাও নোমেৰে আচ্ছাদিত হব লাগে। কেতবোৰে কয় যে আমাৰ হাতৰ তলুৱা ভৰিৰ তলুৱাত মুঠেই নোম নাই। তদুপৰি কেতবোৰ মানুহৰ গাত নোম নাই। কিন্তু এনে কথা সম্পূৰ্ণ সত্য নহয়। অণুবীক্ষণ যন্ত্ৰেৰে চালে মানুহৰ গাত আসংখ্য অলেখ নোম থকা দেখা যায়। এইবিলাক নোম যদিও আমাৰ অনাৱশ্যক তথাপি এইবোৰ আমাৰ শোণিতৰপৰাই পৰিবৰ্দ্ধিত। বিবৰ্ত্তবাদীয়ে কয় যে এইবোৰ নোম আমাৰ আগৰ ৰূপান্তৰ হৈ অহা অৱস্থাৰ চিন। আন কি জৰায়ু অৱস্থাত নৰভ্ৰূণ নোমৰে আচ্ছাদিত থাকে।

 সৰু মূৰ, চঞ্চল মনৰ, আৰু কথা কব নোৱৰা এবিধ নোমৰে আচ্ছাদিত বান্দৰ মানুহৰ গৰ্ভত জন্ম ধৰা দেখা যায়। এনে জীৱ মানুহৰ গৰ্ভত জন্ম হোৱা দেখি, বিবৰ্ত্তবাদীসকলে কয় যে ইও এক ক্ৰমবিবৰ্ত্তনৰ চিন। বিবৰ্ত্তবাদীসকলে কয় যে উন্নত ব্যৱস্থাৰ সোঁত নানা, কাৰণে অৱনত হৈ পূৰ্ব্বৰ অৱস্থা প্ৰাপ্ত হয়। সাধা ৰণতঃ অসভ্য আৰু বৰ্ব্বৰবিলাকৰ দেহ সৰহীয়া নোমেৰে আচ্ছাদিত। মূৰৰ মগজুৰ ব্যাবৃতি যিমান অলপ হয় অঙ্গ প্ৰত্যঙ্গাদিত সিমান সৰহ নোম থাকে।

 সমালোচকে কয় বোলে মানুহ যদি বান্দৰৰ পৰ উৎপত্তি হলহেতেন তেন্তে মানুহৰ নেজ থাকিব