পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
অভিব্যক্তি বাদ।

আন জীৱৰ বিবৰ্ত্তনৰ পৰা মানুহ জাতি উৎপত্তি হৈছে বুলি স্বীকাৰ কৰিব লাগিব। আন সকলো জীৱ বিবৰ্ত্তনৰ পৰা হৈছে, কিন্তু মানুহ জাতি নাই হোৱা বুলিলে যুক্তি ভ্ৰমমূলক হব। তলত আমি মানুহৰ আৰু আন আন জীৱৰ সাদৃশ্য দেখুৱাই বিবৰ্ত্তবাদৰ যুক্তি দেখুৱাম।

 জৰায়ু বাসৰ প্ৰথম অৱস্থাত নৰভ্ৰূণে ক্ৰমে মেৰুদণ্ডশালী জীৱৰ আকৃতি লাভ কৰে। চৰাই আদিৰ ডৌকা যি দৰে বাঢ়ি আহে তেনেকৈ মানুহৰো হাত ভৰি নৰভ্ৰূণৰপৰা বাঢ়ি আহে। এটা ডেকা বান্দৰৰ মূৰৰ মগজৰ অৱস্থা আৰু গঠন যেনেকুৱা, সাতমহীয়া কেচুৱা- লৰাৰৰ মূৰৰ অৱস্থা তেনেকুৱা।

 মানুহৰ আকৃতিত কেতবোৰ অলাগতিয়াল অপৈণত আৰু অস্ফুট অংশ দেখিবলৈ পোৱা হয়। এই অংশ বিলাকৰ পুষ্টিৰ বাবে আমাৰ শৰীৰৰ শোণিত অনেক নষ্ট হয়। বিবৰ্ত্তবাদীসকলে কয় যে মানুহ যদি স্বতন্ত্ৰৰূপে সৃষ্ট হলহেতেন, তেন্তে এনে অনাৱশ্যক অংশ মানুহৰ গাত নেথাকিলহেতেন। এই অনাৱশ্যক অংশবিলাক মানুহৰ আগৰ অৱস্থাৰ চিন। ক্ৰমে বিবৰ্ত্তন হৈ গৈ হয়তো এই অংশবোৰ নাইকিয়াও হব পাৰিব।

 বান্দৰ পশু পক্ষী আদি জীৱৰ দেহ নোমেৰে আচ্ছাদিত। এইবিলাক জীৱৰ ক্ৰমবিবৰ্ত্তৰপৰা মানুহ