পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
অভিব্যক্তি বাদ।

সেই জীৱই সেই তাৱস্থাতে টিকি থাকিবলৈ বা জীয়াই থাকিবলৈ চেষ্টা কৰে, আৰু চেষ্টা কৰাৰ লগে লগে জীৱৰ আগৰ অৱস্থা আৰু প্ৰকৃতিৰ পৰিবৰ্ত্তন ঘটে। সেই জীৱৰ সন্তান- সন্ততিবিলাক পূৰ্ব্ব পুৰুষতকৈ ক্ৰমান্বয়ে আতৰি আহি নতুন গঢ়গঠন আৰু আকৃতি প্ৰকৃতি লৈ এটা সম্পূৰ্ণ বেলেগ জীৱৰ আকাৰ ধাৰণ কৰে। তেতিয়া তাক আৰু বংশধৰবোৰক আগৰ জাতিৰ নাম গুচাই নতুন নামৰে নামকৰণ কৰা হয়। বিবৰ্ত্তবাদীসকলে কয় যে যি অঙ্গ বা যি বৃত্তিৰ চালনা কৰা হয় সেই অঙ্গ বা সেই বৃত্তিৰ পুষ্টি আৰু বিকাশ বেগেতে আৰু অধিককৈ প্ৰকাশ পায়। তেনেস্থলত কোনো এটা জীৱক আগৰ অৱস্থা এৰুৱাই এক নতুন অৱস্থাত স্থাপন কৰিলে স্বভাৱতে তাৰ কোনো অঙ্গৰ বা বৃত্তিৰ বেচি চালনা কৰিব লগাত পৰে। সেই চালনাৰ লগে লগে সেই অঙ্গ বা বৃত্তিৰ বিকাশ পাই আগৰ অৱস্থাতকৈ বিভিন্ন অৱস্থা ধাৰণ কৰে আৰু এনেকৈ জীৱই পূৰ্ব্বাৱস্থা এৰি এক নতুন অৱস্থা পায়হি।

 জীৱৰ অৱস্থাৰ পৰিবৰ্ত্তন সদায় ঘটে। কিন্তু সি ইমান কমকৈ আৰু মণিব নোৱাৰাকৈ ঘটে যে সেই অকণমান পৰিবৰ্ত্তন অনুভৱ কৰিব পৰা হবলৈ বহুত কাল লাগে। বগা আৰু কলা ৰং হঠাতে আমি চিনিব পাৰোঁ। কিন্তু ক্ৰমান্বয়ে বগাক যদি ঈষৎ কলা কৰি অনা হয় তেন্তে বগা আৰু