পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

অভিব্যক্তি বাদ।


 নানা অৱস্থাৰ পৰিবৰ্ত্তনত এক জীৱৰ ৰূপান্তৰ হৈ অন্য জীৱৰ উৎপত্তি হোৱকে অভিব্যক্তিবাদ, ক্ৰমবিকাশ বা বিবৰ্ত্তবাদ বোলে। যিসকল এই মতাৱলম্বী তেওঁলোকক অভিব্যক্তিবাদী, ক্ৰমবিকাশবাদী বা বিবৰ্ত্তবাদী বোলে। বিবৰ্ত্তবাদীৰ প্ৰধান প্ৰতিষ্ঠাপক মহাত্মা ডাৰউয়িন। এই বিবৰ্ত্তবাদীসকলে কয় যে সৃষ্টিৰ মূলত সৰ্ব্বজ্ঞ পুৰুষে এনে এক বস্তুৰ উদ্ভৱ কৰিছিল যে কোটী কোটী যুগত প্ৰত্যেক বিভিন্ন তাৱস্থাত সেই বস্তু স্বতন্ত্ৰৰূপে বিকাশ পাই জগতক সুশোভিত কৰিছে আৰু জগতবাসীৰ নিত্য অভাৱ পূৰ্ণ কৰিছে।

 অভিব্যক্তিবাদীসকল দুই শ্ৰেণীত বিভক্ত। এক শ্ৰেণীয়ে কয় চেতন পদাৰ্থৰ ক্ৰমবিবৰ্ত্তনৰপৰা অচেতন পদাৰ্থ আৰু চেতন পদাৰ্থৰ উৎপত্তি হৈছে। আন শ্ৰেণীয়ে কয় যে সৃষ্টিৰ মূল কেৱল অচেতন পদাৰ্থ; এই অচেতন পদাৰ্থৰ ক্ৰমবিবৰ্ত্তনৰপৰাই অচেতন আৰু চেতন দুয়ো পদাৰ্থৰে উৎপত্তি হৈছে। এই দুই দলে যিহকে নকওক সৃষ্টিৰ মূল যে পদাৰ্থ তাত দুয়োদল সন্মত। অভিব্যক্তিবাদীসকলে কয় যে কোনো জীৱ যি অৱস্থাত উৎপন্ন আৰু পৰিবৰ্দ্ধিত হয় সেই অৱস্থাৰপৰা আন এক বেলেগ অৱস্থাত সেই জীৱক স্থাপন কৰিলে