পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
তত্ত্ব আৰু তথ্য।

পৰমাণু গতিটো গম্য হয়, তাকেই ভুমিকম্প বা ভূঁইকঁপ বোলে। ইয়াৰ এটা বা এটাইকেওটা হলে ভূঁইকঁপ হয়।” ইত্যাদি ৰকমে প্ৰাকৃতিক ব্যাপাৰ লৈ ধৰ্ম্ম আৰু বিজ্ঞানৰ মাজত বিৰোধ।

 ওপৰত লিখা কথাবিলাক লৈ পাশ্চাত্য জগতত বিজ্ঞানৰ দুটা প্ৰবৃত্তি দেখা পাওঁ। এক প্ৰবৃত্তিয়ে ধৰ্ম্মক নিন্দা কৰে আৰু কয় যে ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই আৰু ইয়াৰ কোনো বিজ্ঞানে সৈতে সামঞ্জস্য নাই। আন প্ৰবৃত্তিয়ে ধৰ্ম্মক বিজ্ঞানৰ অনুযায়ী কৰে আৰু বৈজ্ঞানিক তথ্যৰ ওপৰত প্ৰতিষ্ঠিত কৰে। যদি ধৰ্ম্ম আৰু বিজ্ঞান লৈ কিবা বিবাদ আছে তেন্তে এই দুই প্ৰবৃত্তিৰ মাজতে। প্ৰথম প্ৰবৃত্তিয়ে ধৰ্ম্মক নিন্দাৰ কাৰণ এই যে ধৰ্ম্মত কোনো বৈজ্ঞানিক তথ্য নাই; সত্য বাহিৰ কৰা আৰু নৈসৰ্গিক ঘটনাবিলাক ব্যাখ্যা কৰাই ধৰ্ম্মৰ উদ্দেশ্য। কিন্তু এই উদ্দেশ্য ধৰ্ম্মৰ দ্বাৰা সাধন হব নোৱাৰে, কিয়নো ধৰ্ম্মৰ বিশ্বাস যে আগেয়ে একোৱে নাছিল, হঠাৎ সাকাৰ ঈশ্বৰে বিশ্ব ৰচনা কৰিলে এনে ধৰ্ম্ম-ভাব বিজ্ঞান বিৰুদ্ধ। প্ৰাকৃতিক ঘটনাবলীৰ ব্যাখ্যা আমি বিজ্ঞানত সুন্দৰকৈ পাওঁ আৰু প্ৰকৃত সত্যক বিজ্ঞানেও ঢুকি নাপায়, ধৰ্ম্মেও ঢুকি নাপায়। ধাৰ্ম্মিক প্ৰবৰে কবই লাগিছে “প্ৰকৃত সত্য অজ্ঞাত আৰু অজ্ঞেয়।” এতেকে যি দুবিজ্ঞেয় সত্যক