পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰকৃতি।

কিন্তু এই বিজ্ঞানৰ স্থিতি ক’ত? এই বিজ্ঞানৰ ভিত্তি ক’ত? প্ৰকৃতি বিনে কি আৰু আৰ স্থিতি আছে? হে মানৱ! তুমি বিজ্ঞান লৈয়েই সদায় বাস্ত। তুমি বিজ্ঞানৰ বলেৰে নানা কম দৃশ্য, নানা ৰকম ৰং বৰণৰ সৃষ্টি কৰিছা। কিন্তু কোৱা- চোন এবাৰ, আকাশত ওলোৱা ৰামধেনু, আকাশত ওলোৱা জোনবাইৰ দৃশ্য আৰু জ্যোতি যেনে মনোৰম, বৈজ্ঞানিক উপায়েৰে অঙ্কিত ৰামধেনু আৰু জোনৰ দৃশ্য আৰু জ্যোতি তেনে মনোৰম নে? প্ৰকৃতিৰ দৃশ্যই, প্ৰকৃতিৰ জ্যোতিয়ে মানৱৰ প্ৰত্যেক অঙ্গৰে তৃপ্তি সাধন কৰে। কিন্তু বৈজ্ঞানিক উপায়ে অঙ্কিত দৃশ্যই কেৱলমাত্ৰ এক ইন্দ্ৰিয় চকুৰ তৃপ্তি সাধন কৰে। ভাবাঁচোন এবাৰ প্ৰকৃতিৰ আসন কিমান ওপৰত।

 সভ্যয়ো প্ৰকৃতিৰ পূজা কৰে, অসভ্যয়ো প্ৰকৃতিৰ পূজা কৰে। সভ্যই প্ৰকৃতিৰ পূজা কৰে কিছু মাৰ্জ্জিত ধৰণেৰে আৰু ভক্তি ভাবেৰে, কিন্তু অসভ্যই প্ৰকৃতিৰ পূজা কৰে অমাৰ্জ্জিত ধৰণেৰে আৰু ভয়ৰ ভাবেবে। সভ্যই প্ৰকৃতিৰ দূৰাবহ তত্ত্বৰ ভূ লবলৈ পাৰ্য্যমানে যত্ন কৰে; আৰু যেতিয়া প্ৰকৃতিৰ অসীম অনন্ত শক্তিৰ উপলব্ধি কৰিব পৰা হয় তেতিয়া তেওঁলোকৰ স্বভাৱতে প্ৰকৃতিৰ প্ৰতি ভক্তিৰ উদ্ৰেক হয়। সেই ভক্তিৰ চিন স্বৰূপে তেওঁলোকে প্ৰকৃতিক পূজা সেৰ্ৱা কৰে। কিন্তু অসভ্যই য’তে ত’তে যেনিয়ে তেনিয়ে পূজা কৰে। সিহঁতে প্ৰকৃতিত কিবা এটা হোৱা দেখিলেই আৰু তাৰ